ভাৰোত্তোলক মীৰাবাই চানুৱে Commonwealth Games ২০২২ ত ৪৯ কিলোগ্ৰাম শাখাত সোণৰ পদক জিকি দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে। প্ৰণিধানযোগ্য যে, বাৰ্মিংহামত অনুষ্ঠিত Commonwealth Gamesত ভাৰতৰ প্ৰথম সোণৰ পদকটো কঢ়িয়াই আনিলে মনি পুৰৰ মীৰাবাই চানুৱে। একেৰাহে দ্বিতীয়বাৰৰ বাবে কমনৱেলথ গেমছত সোণৰ পদক জিকিবলৈ সক্ষম হোৱা মীৰাবাইয়ে টকিঅ’ অলিম্পিকতো পদক জিকিছিল।
ভাৰতে এতিয়ালৈকে কমনৱেলথ গেমছত তিনিটা পদক জিকিছে আৰু তিনিওটা পদক ভাৰোত্তোলনত আহিছে। ৩০ জুলাইত (শনিবাৰে) সংকেত মহাদেৱ সাৰ্গৰে পুৰুষৰ ৫৫ কিলোগ্ৰাম ওজনৰ শাখাত ৰূপৰ পদক অৰ্জন কৰে। তাৰ পিছত, গুৰুৰাজ পূজাৰীয়ে ৬১ কিলোগ্ৰাম ওজন শ্ৰেণীত ব্ৰঞ্জৰ পদক জিকিছিল। কমনৱেলথ গেমছৰ ইতিহাসত ভাৰোত্তোলনত এইটো ভাৰতৰ ১২৮ তম পদক।