ছৌদি আৰবৰ হাতত পৰাস্ত হ’ল আৰ্জেন্টিনা। মৰুৰ দেশ কাটাৰত অনুষ্ঠিত হোৱা ফিফা বিশ্বকাপত নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হল চৌদি আৰব। বিশ্বকাপত প্ৰথমটো বৃহৎ অঘটন ঘটাই এছিয়াৰ দল চৌদি আৰৱে ২-১ গ’লত পৰাস্ত কৰে আৰ্জেণ্টিনা দলক।
প্ৰথমে মেচিৰ জৰিয়তে অগ্ৰগতি লাভ কৰিও পৰাস্ত হয় লেটিন আমেৰিকাৰ ফুটবলৰ বাবে বিখ্যাত দেশখন।গ্ৰুপ চিৰ প্ৰথমখন খেলতে পৰাজয়ৰ সম্মুখীন হ’ল প্ৰাক্তন বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনা। মাৰাডোনাৰ দেশ আৰ্জেন্টিনাৰ পৰাজয়ত হতাশ হৈ পৰিছে আৰ্জেণ্টিনাবাসী।
উল্লেখ্য, এতিয়ালৈ দুবাৰৰ বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনা দল। আনহাতে চৌদি আৰৱে এই পৰ্যন্ত ছবাৰ ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিছে, য’ত শ্ৰেষ্ঠ প্ৰদৰ্শন হিচাপে ১৯৯৪ চনত নক আউটলৈ যোগ্যতা অৰ্জন কৰিছিল চৌদি আৰৱে।
বিশ্বকাপ অভিযানৰ মঙলবাৰে অনুষ্ঠিত প্ৰথমখন মেচতে মুখ থেকেচা আৰ্জেন্টিনাৰ। অহা দেওবাৰে মেচি বাহিনী মুখামুখি হব মেক্সিকোৰ বিৰুদ্ধে।