দেওবাৰে বাৰ্মিংহাম Commonwealth Games ত ৬৭ কেজি পুৰুষৰ ভাৰোত্তোলন প্ৰতিযোগিতাত দ্বিতীয়টো স্বৰ্ণ পদক জয় কৰে ভাৰতীয় ভাৰোত্তোলনকাৰী ১৯ বছৰীয়া জেৰেমি লালৰিন্নুংগাই। জেৰেমীয়ে স্নেচত ১৪০ আৰু ক্লিন এণ্ড জাৰ্কত ১৬০কৈ মুঠ ৩০০ কিলোগ্ৰাম ওজন ডাঙি ইভেণ্টত জয়লাভ কৰে।
আঘাতৰ বাবে ক্লিন এণ্ড জাৰ্কৰ তৃতীয় ৰাউণ্ড সম্পূৰ্ণ কৰিব নোৱাৰিলেও ইভেণ্টৰ স্নেচত ১৪০ কিলোগ্ৰামৰ বিশাল উত্তোলনেৰে নাইজেৰিয়াৰ উমোফিয়া এডিডয়ং জোচেফতকৈ ১০ কিলোগ্ৰাম বেছিকৈ ৰাউণ্ডত আগবাঢ়ি যায়। উমোফিয়া এডিডয়ং জোচেফে ব্ৰঞ্জৰ পদক লাভ কৰে।
JEREMY WINS GOLD 🥇
19-yr old @raltejeremy wins Gold on his debut at CWG, winning 2nd 🥇 & 5th 🏅 for 🇮🇳 at @birminghamcg22 🔥
Indomitable Jeremy lifted a total of 300kg (GR) in Men's 67kg Finals🏋♂️ at #B2022
Snatch- 140Kg (GR)
Clean & Jerk- 160KgCHAMPION 🙇♂️🙇♀️#Cheer4India pic.twitter.com/pCZL9hnibu
— SAI Media (@Media_SAI) July 31, 2022
জেৰেমিয়ে প্ৰথমে ১৫৪ কিলোগ্ৰাম ওজন তুলিছিল আৰু তাৰ পিছত ১৬০ কেজি ওজন তুলিছিল। এইটো তেওঁৰ ব্যক্তিগত শ্ৰেষ্ঠতকৈ ছয় কিলো কম আছিল যদিও গেমছৰ অভিলেখৰ বাবে যথেষ্ট আছিল। শেষৰটো প্ৰচেষ্টাত জেৰেমিয়ে ১৬৫ কিলোগ্ৰাম ওজনৰ টাৰ্গেট লৈছিল যদিও আঘাতৰ বাবে তুলিব নোৱাৰি ব’ৰ্ডত পৰি যায় যদিও ইতিমধ্যে জেৰেমীৰ সোণৰ পদক নিশ্চিত হৈ গৈছিল।
উৰু আৰু ভৰিৰ পেশীত হোৱা আঘাতে জেৰেমিক চিন্তিত কৰি তুলিছিল। পদক লাভ কৰাৰ পিছত জেৰেমিয়ে কয়, “মোৰ চৌপাশে কি হৈ আছে তাৰ কোনো ধাৰণাই নাছিল। মই চকুৰে নেদেখা হৈ আহিছিলো আৰু এটা ব্যৰ্থ প্ৰচেষ্টাৰ পিছত বহুত কান্দিছিলোঁ।”
উল্লেখ্য যে, Commonwealth Games ত মনিপুৰৰ মিৰাবাই চানুৰ পিছত মিজোৰামৰ জেৰেমি লালৰিন্নুংগাই দেশলৈ দ্বিতীয়টো সোণৰ পদক কঢ়িয়াই আনে।