টী-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ইংলেণ্ডৰ হাতত টীম ইণ্ডিয়া পৰাস্ত হোৱাৰ পাছতে সামজিক মাধ্যমত সমালোচনাৰ জোৱাৰ উঠিছে। প্ৰাক্তন ক্ৰিকেটাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰৰ লোকে টীম ইণ্ডিয়াৰ এই সহজ আত্মসমৰ্পণক যেন সহজ ভাৱে ল’ব পৰা নাই।
কংগ্ৰেছ সাংসদ শশী থাৰুৰেও টীম ইণ্ডিয়াৰ এই পৰাজয়ক সহজ ভাৱে লোৱা নাই। তেওঁ টুইটাৰযোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ভাৰতে ইংলেণ্ডৰ হাতত পৰাস্ত হোৱাতো তেওঁৰ বাবে গুৰুত্বপূৰ্ণ নহয়। তেওঁৰ বাবে গুৰুত্বপূৰ্ণ হৈছে ভাৰতে জয়ৰ বাবে চেষ্টা নকৰাটো।
I don’t mind India losing: victory & defeat are part of sports. But I do mind India not showing up today. #T20WorldCup
— Shashi Tharoor (@ShashiTharoor) November 10, 2022
উল্লেখ্য যে, ভাৰত আৰু ইংলেণ্ডৰ মাজত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা টী-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰতে প্ৰথমে বেটিং কৰি ৬ উইকেট হেৰুৱাই ২০ অভাৰত ১৬৮ ৰাণ সংগ্ৰহ কৰে। আনহাতে, ইংলেণ্ডে এটাও উইকেট নেহেৰুৱাকৈ ১৬ অভাৰতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ইয়াৰ লগে লগে ইংলেণ্ড প্ৰৱেশ কৰে প্ৰতিযোগিতাৰ ফাইনেলত। প্ৰতিযোগিতাৰ ফাইনেল অনুষ্ঠিত হ’ব ইংলেণ্ড আৰু পাকিস্তানৰ মাজত।