স্প’ৰ্টছ ডেস্ক – ২২ গজৰ মাজলৈ তেওঁ কেতিয়া উভতি আহিব সেয়া এতিয়াও সাথৰ। পিছে শীঘ্ৰেই যে প্ৰশিক্ষক হিচাপে ক্ৰিকেটত প্ৰৱেশ কৰিব সেয়া নিশ্চিত। পিছে ইতিমধ্যেই পূৰ্ণোদ্যমেৰে কোচিং আৰম্ভ কৰিছে কেপ্টেইন কুল ধোনীয়ে।
বিগত বছৰ বিশ্বকাপ ছেমিফাইনালত নিউজিলেণ্ডৰ বিৰুদ্ধে অন্তিমবাৰৰ বাবে প্ৰতিযোগিতামূলক খেলত অংশগ্ৰহণ কৰা দেখা গৈছিল ধোনীক। তাৰ পিছৰে পৰা স্বেচ্ছাই যেন নিজক ক্ৰিকেটৰ পৰা আঁতৰাই ৰাখিছিল ধোনীয়ে। কেতিয়াবা যদি সীমান্তত সেনাৰ প্ৰশিক্ষণ ল’বলৈ গৈছে, আন কেতিয়াবা আকৌ পৰিয়ালৰ সৈতে বিদেশ ভ্ৰমণলৈ গৈছে। টীম ইণ্ডিয়াৰ সৈতে যিমানেই দূৰত্ব বাঢ়িছে, সিমানেই তেওঁৰ ক্ৰিকেট ভৱিষ্যৎক লৈ সৃষ্টি হৈছে ধূসৰ ছবি। অগণন অনুৰাগীৰ প্ৰতীক্ষাৰ অৱসান ঘটাই মাৰ্চত আইপিএলত চেন্নাইৰ জাৰ্ছি পিন্ধি পুনৰ খেলপথাৰত নমাৰ কথাও আছিল তেওঁৰ। কিন্তু ক’ৰোনা মহামাৰীৰ বাবে সেয়াও সম্ভৱ হৈ নুঠিল। ফলত কেৱল ছ’চিয়েল মিডিয়াতেই মাজে-মধ্যে দেখা গৈছে এমএছডিক। কিন্তু সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত যেন ধোনীয়ে পুনৰ নিজকে লোকচক্ষুৰ পৰা আঁতৰলৈ লৈ গৈছে। পিছে এইবাৰ ক্ৰিকেটৰ মাজলৈ উভতি আহিছে দেশৰ অন্যতম সফল অধিনায়কজন।
উল্লেখ্য যে ২০১৯–২০ ছিজনত ঝাড়খণ্ড দলৰ সৈতে অনুশীলনত নামিছিল ধোনী। আইপিএলৰ প্ৰস্তুতিৰ বাবে তাতেই আৰম্ভ কৰিছিল প্ৰস্তুতি। পিছে এইবাৰ ক্ৰিকেটাৰ হিচাপে নহয়, প্ৰশিক্ষকৰ ভুমিকাত দেখা যাব তেওঁক। জানিব পৰামতে, বিগত ২ জুলাইৰ পৰা এক অনলাইন ক্ৰিকেট একাডেমী আৰম্ভ কৰিছে ধোনীয়ে। সমগ্ৰ বিষয়টোৰ তত্ত্বাবধান নিজেই কৰিবেছে তেওঁ। পৰিচালনাৰ উপৰি নিজেই প্ৰশিক্ষণ প্ৰদানো আৰম্ভ কৰিছে। এই একাডেমীত কেৱল তেৱেই নহয়, আছে দক্ষিণ আফ্ৰিকাৰ তাৰকা কালিনানো। একাডেমীৰ কোচিং ডিৰেক্টৰো ধোনী নিজেই। এই অনলাইন কোচিংৰ যোগেদি উদীয়মান ক্ৰিকেটাৰসকল উপকৃত হ’ব বুলি আশা কৰা হৈছে।
স্মৰ্তব্য যে ২০১৭ চনতো ডুবাইত নিজৰ এখন ক্ৰিকেট একাডেমী খুলিছিল তেওঁ। কিন্তু ব্যস্ততাৰ বাবে তাত তেওঁ বিশেষ সময় দিব পৰা নাছিল। ফলশ্ৰুতিত বিগত বৰ্ষত সেই একাডেমীখন বন্ধ কৰি দিয়া হৈছিল। গতিকে এইবাৰ লকডাউনৰ সময়খিনিক কামত লগাবলৈ বিচাৰিছে প্ৰাক্তন ভাৰতীয় অধিনায়কে। আৰু সেয়ে অনলাইনযোগে পুৰোদমে কোচিং কৰাবলৈ প্ৰস্তুত হৈছে তেওঁ।