Commonwealth Gamesত পদক জয় কৰা পিছতে দ্বিতীয় বন সুৰক্ষা বাহিনীৰ কনিষ্টবলৰ পৰা সহকাৰী কমাণ্ডেন্ট পদলৈ পদোন্নতি লাভ কৰিলে নয়নমণিয়ে।
উল্লেখ্য যে, Commonwealth Gamesত সোণৰ পদক জয় কৰি ৰাজ্য তথা দেশলৈ গৌৰৱ কঢ়িয়ালে গোলাঘাটৰ জীয়ৰী নয়নমণি শইকীয়াই। গোলাঘাটৰ পৰা ওলাই আহি Commonwealth Gamesত পদক জয় কৰি প্ৰথমগৰাকী অসমীয়া মহিলা হিচাপেও ইতিহাস ৰচিলে নয়নমণিয়ে। লন বলৰ পূৰ্বে ভাৰত্তোলনত মনোনিবেশ কৰিছিল যদিও আঘাতৰ বাবে তেওঁ লন বল খেলিবলৈ আৰম্ভ কৰে।
আনহাতে, দ্বিতীয় বন সুৰক্ষা বাহিনীৰ কনিষ্টবল চাকৰি, পৰিয়াল-সামাজিক দায়িত্ববোধৰ মাজেৰে নয়নমণি শইকীয়াই বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে আজি সুনাম বুটলিবলৈ সক্ষম হৈছে। লকডাউনৰ সময়ত প্ৰশিক্ষক অবিহনেই খেলৰ অনুশীলন কৰিছিল নয়নমণিয়ে।
স্বামী, শাহুৱেকৰ সাহসেৰেই আগবাঢ়ি গৈ নয়নমণিয়ে পূৰ্বে ৪ বাৰকৈ Commonwealth Gamesত অংশগ্ৰহণ কৰি কোনো পদক অৰ্জন কৰিব পৰা নাছিল যদিও দৃঢ় বিশ্বাস আৰু দৃঢ় মনোবলৰ বাবে পঞ্চমবাৰত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।