নেহৰু ষ্টেডিয়াম ফুটবলৰ বাবে খুলি দিয়াৰ নিৰ্দেশ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
এক সংবাদমেল সম্বোধন কৰি বিভিন্ন বিষয়ৰ ওপৰত মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই। লগতে কয় যে নেহৰু ষ্টেডিয়ামত ফুটবলৰ বাবে অগ্ৰাধিকাৰ দিয়া হ’ব।
তেওঁ কয় যে, ৰঞ্জী ট্ৰফীৰ বাবে অসম ক্ৰিকেট সন্থাই ১৫ দিনৰ বাবে নেহৰু ষ্টেডিয়ামখন লৈছে। ৰাষ্ট্ৰীয় খেল আহিলে এইটো খেলে আনটোক সুবিধা দিব লাগে। কিন্তু মই স্পোৰ্ট ডাইৰেক্টৰক কৈছো যে, যাতে ক্ৰিকেট হৈ যোৱাৰ পাছত নেহৰু ষ্টেডিয়ামত ফুটবলক প্ৰাধান্য দিয়ে।
উল্লেখ্য যে, কিছুদিন পূৰ্বে ফুটবল খেলুৱৈ সকলে গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰি কৈছিল যে, গুৱাহাটীত ১১ খনৰো অধিক খেলপথাৰ আছে কিন্তু ফুটবল খেলাৰ বাবে এখন পথাৰতো অনুমতি নাই। সেয়েহে নেহৰু ষ্টেডিয়ামখন ফুটবল খেলৰ বাবে সংৰক্ষিত কৰাৰ দাবী কৰিছিল খেলুৱৈসকলে।