আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১০,০০০ ৰাণ সংগ্ৰেহেৰে প্ৰথমগৰাকী ভাৰতীয় মহিলা আৰু বিশ্বৰ দ্বিতীয়গৰাকী মহিলা ক্ৰিকেটাৰ হিচাপে ইতিহাস ৰচিলে মিথালী ৰাজে ৷
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক মিথালী ৰাজ ৷
শুকুৰবাৰে লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত আফ্ৰিকাৰ বিৰুদ্ধে চলি থকা তৃতীয়খন এদিনীয়া মেছত এই অভিলেখ গঢ়িবলৈ সক্ষম হয় মিতালী ৰাজে ৷
ইতিমধ্যে, ১০খন টেষ্টত ৬৬৩ৰাণৰ বিপৰীতে ৮৯খন টি২০ত ২৩৬৮ ৰাণ কৰিবলৈ সক্ষম হৈছে মিথালী ৰাজ ৷
লগতে এদিনীয়া ২১২খন খেলত ৬৯৭৪ ৰাণ কৰিবলৈ সক্ষম হৈছে ৷
উল্লেখ্য, ইয়াৰ পূৰ্বে মিথালী ৰাজে মহিলা ক্ৰিকেটত সৰ্বাধিক মেছ খেলাৰ ৰেকৰ্ড গঢ়াৰ লগতে এদিনীয়া ক্ৰিকেটত আটাইতকৈ বেছি ৰাণ কৰা মহিলা ক্ৰিকেটাৰ হিচাপেও অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৷
photo: google