ভাৰতৰ অলিম্পিক স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰোৱাৰ নীৰজ চোপ্ৰাই মঙলবাৰে ফিনলেণ্ডৰ পাভো নুৰ্মি গেমছত নিজৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে।
২৪ বছৰীয়া খেলুৱৈজনে ৮৯.৩০ মিটাৰ শ্ৰেষ্ঠ থ্ৰোৰে প্ৰতিযোগিতাখনত ৰূপৰ পদক অৰ্জন কৰে। তেওঁ ২০২১ চনৰ মাৰ্চ মাহত ৮৮.০৭ মিটাৰ থ্ৰোৰে পূৰ্বৰ ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছিল।