ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে ১৩১ সংখ্যক ডুৰাণ্ড কাপ। গুৱাহাটীৰ সৰুসজাইত অনুষ্ঠিত এই ঐতিহ্যময় ফুটবল টুৰ্নামেণ্টখন উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ উদ্বোধনী খেলত ওড়িশা এফ চিৰ বিৰুদ্ধে নৰ্থ ইষ্ট ইউনাইটেড স্পৰ্টছ ক্লাবে অংশ লয়। উদ্বোধনী খেলত নৰ্থ ইষ্ট ইউনাইটেড স্পৰ্টছ ক্লাব (NEUFC) ওড়িশা এফ চিৰ হাতত ৬-০ গলত পৰাস্ত হয়।
অসমত খেলখন ভাৰতীয় সেনা আৰু অসম চৰকাৰে যুটীয়াভাৱে আয়োজন কৰিছে। ডুৰাণ্ড কাপৰ অসম লেগৰ খেলকেইখনত স্পনচ’ৰ কৰিছে ONGCৰ অসম এছেটে।