টকিঅ’ অলিম্পিক গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী দেশৰ গৌৰৱ অসমৰ লাভলীনা বৰগোহাঁয়ে অহা বুধবাৰে অসম আৰক্ষীৰ সাজ পিন্ধিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ মন্ত্ৰীসভাৰ আন সদস্যসকলৰ উপস্থিতিত বুধবাৰে উপ–আৰক্ষী অধীক্ষক পদত যোগ দিব লাভলীনাই। গুৱাহাটীৰ জনতা ভৱনৰ অনুষ্ঠানত উপস্থিত থাকিব অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তও।
সফল দৌৰবীদ হিমা দাসৰ পিছত লাভলীনা বৰগোঁহায়ে খেলৰ জৰিয়তে উপ–আৰক্ষী অধীক্ষক পদ গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লৈছে। ২০২১ চনৰ টকিঅ’ অলিম্পিকত পদক লাভৰ পিছতেই লাভলীনা বৰগোহাঁইক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিছিল অসম আৰক্ষীৰ DSP পদ।
বিগত বৰ্ষতে উপ–আৰক্ষী অধীক্ষকৰ পদ লাভ কৰিলেও কেইদিনমান পূৰ্বেহে যোগদান কৰিম বুলি সন্মতি দিছিল তাৰকা বক্সাৰগৰাকীয়ে। সম্প্ৰতি গুৱাহাটীত বাহৰ পতা লাভলীনা বৰগোহাঁয়ে বিহুৰ পিছতে আকৌ উভতি যাব পাটিয়ালাৰ অনুশীলন শিবিৰলৈ।