নিউজ ডেস্কঃ অৱশেষত বহু বিতৰ্কিত ‘ জাল্লিকাট্টু’ আয়োজনত অনুমতি প্ৰদান তামিলনাডু চৰকাৰৰ ৷ তামিলনাডুৰ প্ৰাচীন তথা জনপ্ৰিয় ষাঁড়গৰুৰ খেল হৈছে জাল্লিকাট্টু ৷ অৱশ্যে ক’ভিড- ১৯ প্ৰট’কল মানি আয়োজন কৰিব লাগিব খেলবিধ ৷ এই সন্দৰ্ভত বিভিন্ন নিৰ্দেশনা জাৰি কৰিছে তামিলনাডু চৰকাৰে ৷ ১৫০ তকৈ অধিক ষাঁড়গৰু আৰু ৩০০ তকৈ অধিক খেলুৱৈয়ে অংশগ্ৰহন কৰিব নোৱাৰিব খেলবিধত ৷ জাল্লিকাট্টুত অংশগ্ৰহন কৰা প্ৰতিগৰাকী খেলুৱৈয়ে দিব লাগিব ক’ভিড-১৯ নিগেটিভ প্ৰমাণপত্ৰ ৷ ইয়াৰ উপৰি দৰ্শকৰ সংখ্যা আসনৰ তুলনাত ৫০শতাংশ কম হ’ব লাগিব বুলিও নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে ৷
ইফালে ৰাজ্য চৰকাৰে অনুমতি প্ৰদান কৰা বিষয়টোক লৈ বিভিন্ন মহলত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ পূৰ্বে ২০১৪ চনত খেলবিধ আয়োজনত নিষেধাজ্ঞা আৰোপ কৰিছিল দেশৰ উচ্চতম ন্যায়ালয়ে ৷ কিন্তু তামিলনাডু চৰকাৰে মানি লবলৈ বিচৰা নাছিল ন্যায়ালয়ৰ নিৰ্দেশনা ৷ অৱশেষত, এই পৰম্পৰাগত খেলবিধ আয়োজনৰ বাবে অনুমতি লাভ কৰিলে ৰাজ্যবাসীয়ে৷