গুজৰাটত মুকলি বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম ।
২৪ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে উদ্বোধন কৰে গুজৰাটৰ ‘নৰেন্দ্ৰ মোদী ষ্টেডিয়াম’ ।
ভাৰতীয় প্ৰযুক্তিৰে নিৰ্মিত আহমেদাবাদৰ নৱনিৰ্মিত মোটেৰা ষ্টেডিয়াম আজিৰে পৰা ‘নৰেন্দ্ৰ মোদী ষ্টেডিয়াম’ নামেৰে নামাকৰণ কৰা হয় ।
অৱশ্যে, সম্পূৰ্ণ ষ্টেডিয়াম কেম্পাছ আৰু অন্য খেলৰ বাবে নিৰ্মাণ হোৱা অংশসমূহক ‘চৰ্দাৰ বল্লৱভাই পেটেল স্পৰ্টচ এনক্লেভ’ হিচাপে পৰিচিত হ’ব ৷
উদ্বোধনৰ পৰৱৰ্তী দিনটোত ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত-ইংলেণ্ডৰ মাজত এখন দিবা-নৈশ খেল ৷
১.১০ লাখ দৰ্শকে একেসময়তে খেল উপভোগ কৰিব পাৰিব ‘নৰেন্দ্ৰ মোদী ষ্টেডিয়াম’ত ৷
উল্লেখ্য, মোটেৰা ষ্টেডিয়াম ১৯৮২ চনত নিৰ্মাণ কৰা হৈছিল ৷
২০১৬ চনত পুৰণি ষ্টেডিয়াম ভাঙি নতুন ষ্টেডিয়াম নিৰ্মাণৰ কাম আৰম্ভ হৈছিল ৷
photo: google