দেশত ক্ৰমান্বয়ে ক’ভিডৰ সংক্ৰমণ কমি অহাৰ বাবে ৰঞ্জী ট্ৰফী অনুষ্ঠিত কৰাৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (BCCI) কোষাধ্যক্ষ অৰুণ ধুমলে ৰঞ্জী ট্ৰফী পৰিচালনাৰ বিষয়ে শেহতীয়াকৈ এক ঘোষণা কৰিছে। তেওঁ কৈছে যে, ব’ৰ্ডে দুটা পৰ্যায়ত ৰঞ্জী ট্ৰফী অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে। যিহেতু, বি চি চি আইয়ে ২৭ মাৰ্চৰ পৰা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL) আয়োজন কৰাৰ পৰিকল্পনা কৰিছে গতিকে এটা পৰ্যায়তে ৰঞ্জী ট্ৰফী অনুষ্ঠিত কৰাটো সম্ভৱ নহ’ব। কিন্তু কেইবাখনো ৰাজ্যৰ অনুৰোধত ব’ৰ্ডে এক বৈঠক অনুষ্ঠিত কৰি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।
উল্লেখ্য যে, BCCI সভাপতি সৌৰভ গাংগুলী, সচিব জয় শ্বাহ উপস্থিত থকা এই বৈঠকতে ৰঞ্জী ট্ৰফীৰ লীগ পৰ্যায়ৰ মেচ ফেব্ৰুৱাৰীৰ পৰা মাৰ্চলৈকে এমাহৰ ভিতৰত অনুষ্ঠিত কৰা হ’ব। আনহাতে পৰৱৰ্তী পৰ্যায়ৰ মেচসমূহ জুন-জুলাইত অনুষ্ঠিত হ’ব।