একেৰাহে ১৪ ঘণ্টা ৩৮ মিনিট সাঁতুৰি নৰ্থ চেনেল পাৰ হ’ল সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই। নৰ্থ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথমগৰাকী অসমীয়া সাঁতোৰবিদ হিচাপে পৰিগণিত হ’ল এলভিছ। তেওঁ একেৰাহে ১৪ ঘণ্টা ৩৮ মিনিট সাঁতুৰি অভিলেখ গঢ়িবলৈ সক্ষম হল। নৰ্থ চেনেল পাৰ হোৱা ভাৰতৰ প্ৰথমজন বয়সস্থ সাঁতোৰবিদতো পৰিণত হল এলভিছ আলী হাজৰিকা।
আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই এছিয়াৰ প্ৰথমটো ৰীলে দলৰ সদস্য হিচাপে ১৪ ঘণ্টা ৩৮ মিনিটত ইউৰোপৰ নৰ্থ চেনেল অতিক্ৰম কৰে।