অসম এথলেটিকছ এছোচিয়েচনৰ নৱনিযুক্ত সভাপতি আৰু অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি মহানগৰীৰ বেলতলাস্থিত হোটেল ৰয়েল দি কাছাত অসম এথলেটিকছ এছোচিয়েচনৰ এখন বর্ধিত কার্যনির্বাহক সভাত অধ্যক্ষতা কৰি আগন্তুক খেল মহাৰণ, গোৱাত অনুষ্ঠিতব্য নেচনেল গেমছ আৰু কলকাতাত অনুষ্ঠিত হবলগীয়া ইষ্ট জ’ন জুনিঅ’ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ বিভিন্ন দিশৰ ওপৰত বিতং ভাৱে আলোচনা কৰে।
মন্ত্ৰীগৰাকীয়ে কয় যে অহা ১৫ তাৰিখৰ পৰা কলকাতাত অনুষ্ঠিত হ’ব লগা ইষ্ট জ’ন জুনিঅ’ৰ এথলেটিকছ চেম্পিয়নশ্বিপ, খেল মহাৰণ, গোৱাত অনুষ্ঠিতব্য নেচনেল গেমছ আদিৰ বিভিন্ন দিশৰ ওপৰত বিতং ভাৱে আলোচনা কৰা হয়। অহা ৬ আৰু ৭ অক্টোবৰত ৰাজ্যত ইষ্ট জ’নৰ ট্ৰায়েল আৰম্ভ হ’ব। ৬ অক্টোবৰত খেলুৱৈসকল আহিব আৰু ৭, ৮ তাৰিখে ট্ৰায়েল হ’ব। তাৰ পিছত ৯ তাৰিখৰ পৰা কোচিং হ’ব। ১৫ তাৰিখৰ পৰা খেলুৱৈসকল আকৌ ইষ্ট জ’ন খেলিবলৈ যাব। ইষ্ট জ’নৰ পিছতে নেচনেল গেমছৰ বাবে প্ৰস্তুতি চলোৱা হ’ব। এনেধৰণৰ যিখিনি কাম, এই কামখিনি আমি সকলোকে ভগাই দিছো আৰু সকলোকে দায়িত্ব দিয়া হৈছে। মন্ত্ৰীগৰাকীয়ে এইবাৰ অত্যন্ত আনন্দিত হোৱা বুলি উল্লেখ কৰি কয় যে সাৰে সাতশতকৈ অধিক খেলুৱৈয়ে এইবাৰ ইষ্ট জ’নৰ ট্ৰায়েলৰ কাৰণে আহিব বিচাৰিছে।
আগতে ২০০-৩০০ খেলুৱৈ আহিছিল, এইবাৰ ৭৫০ৰো অধিক খেলুৱৈয়ে ইষ্ট জ’নত খেলিবলৈ আহিব বিচৰাটো আমাৰ কাৰণে এটা শুভ লক্ষণ। মন্ত্ৰীগৰাকীয়ে কয় যে আমি ভাবো এনেদৰে আমি খেলুৱৈসকলক আগুৱাই নিব লাগিব। সভাত খেল মহাৰণৰ বিষয়েও আলোচনা কৰাহয়। উল্লেখ্য যে, অসম চৰকাৰৰ খেল মহাৰণত এথলেটিক এটা মেজৰ ইভেণ্ট। ১০০ মিটাৰ, ২০০ মিটাৰ, ৪০০ মিটাৰ, ৮০০ মিটাৰ এই চাৰিটা পৰ্যায়ত খেল অনুষ্ঠিত হ’ব। সেইকাৰণে এথলেটিক এছোচিয়েচন বিলাকত জড়িত হোৱা এন আই এছ প্ৰশিক্ষক, আমাৰ সাধাৰণ প্ৰশিক্ষক তথা গাঁৱত থকা প্ৰাক্তন খেলুৱৈসকল যাতে ইয়াত জড়িত হয় তাৰ কাৰণেও এছোচিয়েচনৰ ফালৰ পৰা এটা নিৰ্দেশনা দিছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। লগতে তেওঁ, খেল মহাৰণৰ জৰিয়তে গাঁৱৰ খেলুৱৈসকলক আগবঢ়াই নিব লাগিব বুলিও মন্তব্য কৰে।