ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছৰে পৰা ৰাছিয়াক বিভিন্ন সংস্থাই আন্তঃজাৰ্তিক মঞ্চৰ পৰা বয়কট কৰাৰ পাছত এইবাৰ ক্ৰীড়া জগতত ৰাছিয়াৰ বাবে কফিনৰ শেষ গজালটো মাৰিলে বিশ্বৰ অন্যতম ক্ৰীড়া অনুষ্ঠান FIFA আৰু UEFA। ৰাছিয়াক বিশ্বকাপকে ধৰি সকলো আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ পৰা FIFA আৰু UEFA য়ে বহিষ্কাৰ কৰাৰ কথা ঘোষণা কৰে।
দুয়োটা অনুষ্ঠানৰ দ্বাৰা প্ৰকাশ পোৱা এক যুটীয়া বিবৃতিত এই কথা ঘোষণা কৰা হৈছিল। ইয়াৰ উপৰিও, ইউৰোপীয় ফুটবলাৰসকলৰ পৰিচালনা সমিতিয়ে ৰাছিয়াৰ শক্তি উৎপাদক গেজপ্ৰমৰ সৈতে চুক্তি বাতিল কৰে। এতিয়াৰ পৰা ৰাছিয়াই যিকোনো আন্তঃজাৰ্তিক খেলত তেওঁলোকৰ দলৰ নাম, দেশৰ পতাকা আৰু ৰাষ্ট্ৰীয় সংগীত অবিহনে নিজকে উপস্থাপন কৰিব লাগিব ।
ঘোষণাটোৱে আগন্তুক ইউৰোপীয় প্ৰতিযোগিতাসমূহত ৰাছিয়াৰ অংশগ্ৰহণক প্ৰভাৱিত কৰিব। FIFA আৰু UEFA সিদ্ধান্ত লৈছে যে সকলো ৰাছিয়াৰ দল, সেয়া সেই দেশক প্ৰতিনিধিত্ব কৰা হওঁক বা ৰাছিয়াৰ ক্লাবৰ বাবে হওঁক সকলোকে ফিফা আৰু ইউইএফএ প্ৰতিযোগিতাৰ পৰা বহিষ্কাৰ কৰা হৈছে। পৰৱৰ্তী জাননী নহা লৈকে এই সিদ্ধান্ত কাৰ্যকৰী হৈ থাকিব’।
উল্লেখ্য যে, ২৪ মাৰ্চত বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী খেলখনৰ প্লে অফত ৰাছিয়াৰ পুৰুষ দলটোৱে পোলেণ্ডৰ সৈতে মুখামুখি হ’ব। কিন্তু পোলেণ্ডে আগতীয়াকৈ ৰাছিয়াৰ বিৰুদ্ধে এই খেল খেলিবলৈ অস্বীকাৰ কৰিছে। ইয়াৰ অৰ্থ এয়াই যে, ৰাছিয়াক হয়তো ২০২২ ৰ কাটাৰ বিশ্বকাপত দেখা নাযাব।