BCCI অধ্যক্ষ সৌৰভ গাংগুলী হঠাৎ অসুস্থ হৈ পৰাৰ পিছত তেওঁক কলকাতাৰ উডলেণ্ড হাস্পতালত ভৰ্তি কৰোৱা হয়।
আজি পুৱা গাংগুলীৰ স্বাস্থ্যৰ অৱনতি ঘটে।
ৰিপৰ্ট অনুসৰি সৌৰভ গাংগুলীয়ে জিমত ৱৰ্কআউট কৰি আছিল, জিমটো তেওঁৰ ঘৰৰ ভিতৰতে আছিল।
গাংগুলীৰ বুকুৰ বিষ হয়, তাৰ পিছত তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয়।
শনিবাৰে পুৱাৰে পৰা সৌৰভ গাংগুলীৰ হৃদযন্ত্ৰ সম্বন্ধীয় সমস্যা হৈছিল আৰু তেওঁক উডলেণ্ডছ হাস্পতালত ভৰ্তি কৰোৱা হয়।
হাস্পতালৰ সূত্ৰই এই কথা প্ৰকাশ কৰে যে সৌৰভ গাংগুলীক Angioplastyৰ আৱ্যশক আছিল।
BCCI President Sourav Ganguly admitted to Woodland Hospital in Kolkata, West Bengal. More details awaited.
(file photo) pic.twitter.com/ps3mtE8tPJ
— ANI (@ANI) January 2, 2021
গাংগুলীৰ বুকুৰ বিষ হোৱাৰ পিছত তেওঁক কলকাতাৰ উডলেণ্ড হাস্পতাললৈ লৈ যোৱা হয়।
চিকিৎসকে ক’লে যে তেওঁৰ কাৰ্ডিয়ক এৰেষ্ট হৈছিল।
গাংগুলীয়ে Angioplasty কৰাব লাগিব। লগতে চিকিৎসকে ক’লে যে চিন্তাৰ কোনো কাৰণ নাই, বৰ্তমান তেওঁৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি হৈছে।
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সৌৰভ গাংগুলী শীঘ্ৰে সুস্থ হৈ উঠাৰ কামণা কৰে। মমতা বেনাৰ্জীয়ে টুইটাৰযোগে এই কথা জনায়।
Sad to hear that @SGanguly99 suffered a mild cardiac arrest and has been admitted to hospital.
Wishing him a speedy and full recovery. My thoughts and prayers are with him and his family!
— Mamata Banerjee (@MamataOfficial) January 2, 2021
Photo: Google