শুভাৰম্ভ হ’ল Commonwealth Games ২০২২। গেমছৰ প্ৰথম দিনটোত ভাৰতৰ বক্সাৰ, মহিলা ক্ৰিকেটাৰ, মহিলা হকী, টেবুল টেনিছ, স্কোৱাছ, ট্ৰাইথ্ৰেলন, লনবল, চাইক্লিং খেলত অংশ ল’ব। ইয়াৰ মাজতে সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে ভাৰতবৰ্ষৰ তাৰকা বক্সাৰ অসমৰ শিৱ থাপালৈ। অৰ্জুন বঁটা বিজয়ী শিৱ থাপাই গেমছৰ প্ৰথম দিনাৰ খেলত পাকিস্তানৰ সাতবাৰৰ ৰাষ্ট্ৰীয় চেম্পিয়ন আন্তঃৰাষ্ট্ৰীয় বক্সাৰ ছুলেমান বালটছৰ বিৰুদ্ধে ৬৩.৫ কেজি শাখাৰ প্ৰি–কোৱাৰ্টাৰ ফাইনেলত অংশ ল’ব। লগতে আজি লনবলত অসমৰ নয়নমনি শইকীয়া আৰু মৃদুল বৰগোঁহাইৰো খেল আছে।
সমান্তৰালভাৱে ভাৰতীয় মহিলা ক্ৰিকেট দলে গ্ৰুপ লীগৰ খেলত শক্তিশালী কেংগেৰু বাহিনীৰ মুখামুখি হ’ব। ভাৰতীয় মহিলা হকী দলে ঘানাৰ বিৰুদ্ধে খেলিব। সেই দৰে প্ৰথম দিনটোতে চাইক্লিং, টেবুল টেনিছ, ট্ৰাইথ্ৰেলন, লনবল, স্কোৱাছ ইভেন্টত ভাৰতীয় দলৰ খেলুৱৈয়ে অংশ ল’ব।