বৰ্তমান চলি আছে আইপিএলৰ নিলাম প্ৰক্ৰিয়া। বিৰতিৰ পিছত পুনৰ আৰম্ভ হয় নিলাম। মনীষ পাণ্ডেৰ বেছ প্ৰাইচ আছিল ১ কোটি টকা। ৪ কোটি ৬০ লাখ টকাত লক্ষ্ণৌ ছুপাৰজায়েণ্টে চুক্তিবদ্ধ কৰিলে মনীষ পাণ্ডেক। আনহাতে, ৮ কোটি ৫০ লাখ টকাত হেটমায়াৰক কিনিলে ৰাজস্থান ৰয়েলছে। উথাপ্পাক ক্ৰয় কৰিলে চেন্নাই ছুপাৰ কিংছে। দেৱদত্ত পাডিক্কালক লৈ নিলামত তীব্ৰ যুঁজ। ৭ কোটি ৭৫ লাখ টকাত অৱশেষত ৰাজস্থান ৰয়েলছে কিনিলে পাডিক্কালক। নীতিশ ৰানাক নিলামত ল’বলৈ সক্ষম হ’ল কলকাতা নাইট ৰাইডাৰ্ছে। ৮ কোটিত ক্ৰয় কৰিলে খেলুৱৈগৰাকীক।
আনহাতে, ৪ কোটি ৪০ লাখ টকাত ব্ৰেভোক কিনিলে চেন্নায়ে। নিলামত ভাল দাম পালে কেৰিবিয়ান তাৰকা জেছন হোল্ডাৰে। ৮ কোটি ৭৫ লাখ টকাত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে কিনিলে খেলুৱৈগৰাকীক। IPLৰ নিলামত ভাৰতীয় বেটছমেন শ্ৰেয়াছ আয়াৰক কলকাতা নাইটা ৰাইডাৰ্ছে ১২.২৫ কোটিত ক্ৰয় কৰিলে।
আনহাতে IPLৰ ৰজাখ্যাত সুৰেশ ৰাইনা বৰ্তমানলৈকে নিলামত ক্ৰয় কৰা নাই বুলি জনা গৈছে।