ক্ৰিকেটৰ সকলোকেইটা ফৰ্মেটৰ পৰাই বিদায় ল’লে মিতালী ৰাজে। ভাৰতীয় মহিলা ক্ৰিকেট দলৰ টেষ্ট আৰু এদিনীয়াৰ অধিনায়কগৰাকীয়ে আজি অৱসৰৰ সিদ্ধান্ত ঘোষণা কৰে। ছচিয়েল মিডিয়াত মিতালীয়ে লিখিছে, ‘‘বছৰৰ পিছত বছৰ ধৰি ইমান মৰম আৰু সমৰ্থনৰ বাবে বহুত বহুত ধন্যবাদ। এতিয়া দ্বিতীয় ইনিংছৰ বাবে সাজু হৈছো। আপোনালোকৰ শুভেচ্ছা আৰু সমৰ্থন বিচাৰিছো।’’
Thank you for all your love & support over the years!
I look forward to my 2nd innings with your blessing and support. pic.twitter.com/OkPUICcU4u— Mithali Raj (@M_Raj03) June 8, 2022
আনহাতে, ICC ৰ মহিলা এদিনীয়া ৰেংকিঙৰ প্ৰথম দহত নিজৰ স্থান ধৰি ৰাখিলে মিতালী ৰাজ আৰু স্মৃতি মান্ধানাই। বলাৰৰ প্ৰথম দহত স্থান ধৰি ৰাখিছে ঝুলন গোস্বামীয়ে। অলৰাউণ্ডাৰৰ তালিকাত স্থান সলনি হোৱা দীপ্তি শৰ্মাৰ। মহিলাৰ এদিনীয়া অলৰাউণ্ডাৰৰ প্ৰথম দহত স্থান আছে ঝুলন গোস্বামীৰো। ICCৰ সদ্য প্ৰকাশিত এদিনীয়া বেটছমেনসকলৰ তালিকাত মিতালী ৰাজ আছে সপ্তম স্থানত। ৰেংকিং অনুসৰি ভাৰতীয় শ্ৰেষ্ঠ বেটছমেন তেওঁ। স্মৃতি মান্ধানা আছে নৱম স্থানত আৰু হৰমনপ্ৰীত কৌৰ আছে ১৪নং স্থানত।