অষ্ট্ৰেলিয়াৰ কিংবদন্তি লেগস্পিনাৰ শ্বেন ৱাৰ্নৰ মৃত্যত শোকস্তব্দ্ধ ক্ৰিকেট প্ৰেমী। ৫২ বছৰ বয়সতে শেষ নিশ্বাস ত্যাগ কৰা প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ মৃত্যুৰ বাতৰি সহজ ভাবে ল’ব পৰা নাই অনুৰাগী সকলে। বেট-বলৰ যাদুৰে কেইবাটাও দশক অনুৰাগীসকলক মোহাচন্ন কৰি ৰখা শ্বেন ৱাৰ্নৰ স্পিনাৰ বলৰ সন্মুখীন হবলৈ বহুবাৰ ভাবিব লগা হৈছিল প্ৰতিদ্বন্দ্বী খেলুৱৈয়ে।
ৱাৰ্নে নিজৰ কেৰিয়াৰত টেষ্টত ৭০৮ আৰু এদিনীয়া ক্ৰিকেটত ২৯৩টা উইকেট দখল কৰিছিল৷
আই পি এল’ৰ ২০০৮চনৰ প্ৰথম সংস্কৰণ বিজয়ী হোৱা ৰাজস্থান দলৰ অধিনায়কো আছিল শ্বেন ৱাৰ্ন ৷ ভাৰতীয় ক্ৰিকেটজগতৰ সৈতে মধুৰ সম্পৰ্ক আছিল ক্ৰিকেটাৰ গৰাকীৰ।
হৃদজনিত ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰা ৱাৰ্নৰ এটা টুইট শেহতীয়াকৈ খুবেই ভাইৰেল হৈছে।
মৃত্যুৰ প্ৰায় ১২ঘন্টাৰ পূৰ্বে ইংলেণ্ডৰ ক্ৰিকেটাৰ ৰ’ড মাৰ্ছৰ মৃত্যুত শোক প্ৰকাশ কৰিছিল ৱাৰ্নে।