ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰত অনুন্নত আন্তঃগাঁথনিলৈ অতি শীঘ্ৰেই আহিব পৰিৱৰ্তন। ৰাজ্যৰ প্ৰতিখন জিলাতে নিৰ্মান হ’ব ষ্টেডিয়াম। ইয়াৰ বাবে ৫০০ কোটি টকাৰ অনুমোদন জনোৱা হৈছে। ১২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব একোখন ষ্টেডিয়াম। আনহাতে লাভলীনা বৰগোহাঁইৰ জন্মস্থান বাৰমুখীয়াত ২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব এখন ষ্টেডিয়াম। কেৱল সেইয়াই নহয়, প্ৰতিভা সন্ধানৰ বাবেও ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। বুধবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। লগতে তেওঁ উল্লেখ কৰে যে, শেহতীয়াকৈ ৰাজ্যত এক ক্ৰীড়াৰ পৰিৱেশ গঢ় লৈ উঠিছে। অসমৰ খালী হৈ থকা পদসমূহত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰাসকলক যোগ্যতা অনুযায়ী নিযুক্তি দিয়া হ’ব। শিক্ষাৰ দৰে ক্ৰীড়াৰ জৰিয়তেও নিজৰ লক্ষ্যত উপনীত হ’ব পাৰি, তেনে এক পৰিবেশ অসমত গঢ় লৈ উঠিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, সকলোলৈ অনুৰোধ ক্ৰীড়াক অৱহেলা নকৰিব৷ ক্ৰীড়াক উৎকৰ্ষতাৰ এক আহিলা হিছাপে লোৱা উচিত।