• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজাৰা-ৰাণীৰ মধ্যৱৰ্তী বাক্ৰাপাৰাত নিৰ্মাণ হ’ব ষ্টেডিয়াম সহ বহুমুখী ক্ৰীড়া প্ৰকল্প

নিউজ ডেস্ক by নিউজ ডেস্ক
January 16, 2022
in ক্ৰীড়া, অসম, গুৱাহাটী, ৰাজনীতি
1 min read
0
আজাৰা-ৰাণীৰ মধ্যৱৰ্তী বাক্ৰাপাৰাত নিৰ্মাণ হ’ব ষ্টেডিয়াম সহ বহুমুখী ক্ৰীড়া প্ৰকল্প
Share on FacebookShare on Twitter

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ক্রীড়াৰ আন্তঃগাঁথনি উন্নয়ন আৰু ক্ৰীড়াৰ এক বাতাবৰণ গঢ়ি তুলি ভিতৰুৱা অঞ্চলত থকা ক্ৰীড়া প্ৰতিভা সমূহ বিকাশৰ বাবে প্ৰতিখন জিলা – সমষ্টিত একোখনকৈ ষ্টেডিয়াম নিৰ্মাণ কৰা হব বুলি শেহতীয়াকৈ ঘোষণা কৰিছে। তাৰ অংশহিচাপে পশ্চিম গুৱাহাটীৰ গ্ৰামাঞ্চলত এখন ষ্টেডিয়ামসহ বহুমুখী ক্ৰীড়া প্ৰকল্প আৰু নগৰাঞ্চলৰ গুৱাহাটী পৌৰ নিগম এলেকাৰ পশ্চিম জালুকবাৰীৰ খানামুখ চেকগেটৰ ৰূপকোঁৱৰ হাউছিং কম্পলেক্সৰ গাতে লগা প্ৰায় পাঁচ বিঘা চৰকাৰী মাটিত এটা অত্যাধুনিক চুইমিং পুল নিৰ্মাণৰ বাবে আঁচনি গ্ৰহণ কৰা হৈছে। আনহাতে গ্ৰামাঞ্চলৰ তথা ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ আজাৰা আৰু ৰাণীৰ মধ্যৱৰ্তী অঞ্চল হিচাপে পৰিচিত সজনপাৰাৰ কাষৰীয়া বাক্ৰাপাৰাৰ কল্লাপাৰাত নিৰ্মাণ হব ষ্টেডিয়ামসহ বহুমুখী ক্ৰীড়া প্ৰকল্প। এন ই চি পথৰ পৰা মাত্ৰ তিনি কিঃমিঃ নিলগৰ ৰাজহ গাঁও কল্লাপাৰাত যি স্থানত ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰা হৈছে তাৰ বাবে উপৰদানী তালুকৰ ফালৰ পৰা ২৫ বিঘা মাটি আগবঢ়োৱা হৈছে। উপৰদানী তালুকৰ সভাপতি অৰুণ চন্দ্ৰ বড়ো , উপ সভাপতি ৰবীন দৈমাৰী আৰু সাধাৰণ সম্পাদক ধীৰেশ্বৰ বড়োৱে জানিবলৈ দিয়া মতে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান অনুসৰি তেওঁলোকক ষ্টেডিয়ামসহ বহুমুখী ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ বাবে কমেও ২০ ৰ পৰা ২৫ বিঘা ওখ বা বানপানীৰ পৰা মুক্ত বাম মাটিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছিল। সেই আহ্বান অনুসৰি ডিচেম্বৰ মাহৰ শেষ সপ্তাহত বাক্ৰাপাৰাৰ কল্লাপাৰাত উপৰদানী তালুকৰ অধীনত থকা ৯৮ বিঘা মাটিৰ ২৫ বিঘা মাটি ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ বাবে আগবঢ়োৱা হয়। ইতিমধ্যে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত প্ৰস্তাৱিত ক্ৰীড়া প্ৰকল্পৰ স্থান পৰিদৰ্শন কৰিছে । যত ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ কেবাজনো বিষয়া , ক্রীড়াবিদ উপস্থিত আছিল। বিধায়ক কলিতাই প্ৰকল্প নিৰ্মাণৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা প্ৰায় ১২ কৌটি টকা আবন্টন দিয়া বুলি মুখ্যমন্ত্ৰীয়ে তেওঁক অৱগত কৰাৰ বিষয়ে সদৰি কৰিছে। আনহাতে বিধায়ক কলিতাই জানিবলৈ দিয়া মতে ইতিমধ্যে ষ্টেডিয়ামসহ বহুমুখী ক্ৰীড়া প্ৰকল্পৰ কাম- কাজ চলিত জানুৱাৰী মাহতে আৰম্ভ হব। ইয়াত মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা অনুসৰি পূৰ্ণাংগ ষ্টেডিয়ামৰ সকলো আধুনিক সা সুবিধা উপলব্ধ হব। যত আউটডোৰ আৰু ইনডোৰ খেলৰ সুবিধা থাকিব।

Previous Post

অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া ক’ভিড পজিটিভ

Next Post

উৰুকাৰ নিশা মহানগৰত সুৰাপায়ী চালকৰ বিৰুদ্ধে ৰুজু দিলে ৪৮ টা গোচৰত

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
তিনিবছৰত ১০০ কোটিৰো অধিক জৰিমনা সংগ্ৰহ পৰিবহন বিভাগৰ

উৰুকাৰ নিশা মহানগৰত সুৰাপায়ী চালকৰ বিৰুদ্ধে ৰুজু দিলে ৪৮ টা গোচৰত

আজি শিল্পী দিৱস…

আজি শিল্পী দিৱস...

ক’ভিড ভেকচিন চাৰ্টিফিকেট দেখুওৱাটো বাধ্যতামূলক নহয়!

ক'ভিড ভেকচিন চাৰ্টিফিকেট দেখুওৱাটো বাধ্যতামূলক নহয়!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8