অৰুণাচল প্ৰদেশত ২১ মে’ত দ্বিতীয় ৰাষ্ট্ৰীয় ফ্লোৰ কাৰ্লিং শ্বেম্পিয়নশ্বিপ, ২০২৩ ত পশ্চিম গুৱাহাটীৰ ৰাণী কচিং চেন্টাৰৰ ভাগ লোৱা কেইবাগৰাকী খেলুৱৈয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছে। দলটো কচিং চেণ্টাৰৰ কৰ্মকৰ্তা ভাইটি বড়োৰ নেতৃত্বত গৈছিল। আনহাতে পদক লাভ কৰা খেলুৱৈসকল হল ক্ৰমে – চিনিয়ৰ শাখাৰ পুৰুষ-মহিলা যুটীয়াকৈ পাৰ্থজিৎ ৰাভা আৰু অনিমা নাৰ্জাৰী, চিনিয়ৰ পুৰুষত শৰত চন্দ্ৰ বড়ো , পাৰ্থজিৎ ৰাভা, হিমাংশু ৰাভা, বিশ্বজিৎ বড়োয়ে ব্ৰঞ্জৰ দপক পাবলৈ সক্ষম হয়।
অৰুনাচল প্ৰদেশৰ ইটানগৰ বুদ্ধিছ মন্দিৰৰ (গোমপা) সিদ্ধাৰ্থ হ’লত যোৱা ১৯ মে’ ৰ পৰা ২১ মে’লৈ অনুষ্ঠিত হৈছিল এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনি। ভাৰতীয় কাৰ্লিং ফেডাৰেশ্বনৰ অধীনত অৰুণাচল কাৰ্লিং এশ্বোচিয়েচনৰ উদ্যোগত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতাখন।