টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলৰ পৰা বাহিৰ হ’ল টীম ইণ্ডিয়া। ইংলেণ্ডে টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লোৱাৰ বিপৰীতে ভাৰতীয় দলটোক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোৱে ৬ টা উইকেট হেৰুৱাই ২০ অভাৰত ১৬৮ ৰাণ সংগ্ৰহ কৰে।
ভাৰতৰ হৈ হাৰ্ডিক পাণ্ডিয়াই সৰ্বাধিক ৬৩ ৰাণ কৰাৰ বিপৰীতে বিৰাট কোহলিয়ে ৫০ ৰাণ সংগ্ৰহ কৰে। পূৰ্বৰ দৰেই আজিৰ মেচখনত ব্যৰ্থ হয় উপ-অধিনায়ক তথা অপেনাৰ কে এল ৰাহুল। আনহাতে, ১৬৯ ৰাণৰ লক্ষ্য আগত লৈ খেল পথাৰত নমা ইংলেণ্ডে ১৬ অভাৰতে এটাও উইকেট নেহেৰুৱাকৈ নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়।