পাকিস্তান ক্ৰিকেট দলৰ চিকিৎসক নাজিবুল্লাহ চুমৰোৱে শেহতীয়াকৈ জনাইছে যে T-20 বিশ্বকাপ ২০২১ ৰ ছেমি ফাইনেলৰ পূৰ্বে বুকুত গুৰুতৰ সংক্ৰমণ হোৱাৰ বাবে পাকিস্তানৰ উইকেটকিপাৰ-বেটাৰ মুহাম্মাদ ৰিজৱানক শীঘ্ৰে সুস্থ হ’বৰ বাবে নিষিদ্ধ পদাৰ্থৰ বেজী দিয়া হৈছিল।
চুমৰোৱে জনাই যে, চিকিৎসকসকলে ICCৰ পৰা আগতীয়া অনুমতি লৈহে পাকিস্তানৰ উইকেটকিপাৰজনক উক্ত নিষিদ্ধ পদাৰ্থৰ বেজী দিয়া হৈছিল। ৰিজৱানে ICUত দুটা ৰাতি অতিবাহিত কৰিছিল আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছেমি ফাইনেল খেলিবলৈ গৈছিল।