অদমনীয় কোহলী! প্ৰথমখন এদিনীয়াত দক্ষিণ আফ্ৰিকাই বান্ধি দিয়া নিৰ্ধাৰিত লক্ষ্যৰ বাবে অৰ্ধশতক অৰ্জনৰ পাছত ছামছীৰ বলত কেচ তুলি দিছিল বিৰাটে। ভাৰতে খেলখনত জয়ী নহ’লেও নতুন কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয় বিৰাট কোহলী। বিদেশৰ মাটিত এদিনীয়া ক্ৰিকেটত ভাৰতীয় ক্ৰিকেটাৰ হিচাপে সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ গঢ়িলে কোহলীয়ে। এই অভিলেখেৰে শচীন তেণ্ডুলকাৰক অতিক্ৰম কৰে কোহলীয়ে। পাৰ্লৰ বোলেণ্ড পাৰ্কত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰথমখন এদিনীয়াত এই অভিলেখৰ অধিকাৰী হৈ পৰে। উল্লেখ্য় যে, কোহলীৰ পূৰ্বে ভাৰতীয় ক্ৰিকেটৰ ভগৱান শচীনেই আছিল বিদেশৰ মাটিত সৰ্বাধিক ৰান সংগ্ৰহকাৰী ভাৰতীয় ক্ৰিকেটাৰ। শচীনে ১৪৭ খন খেলত ৫০৬৫ ৰান সংগ্ৰহ কৰিছিল। শচীনৰ ৰেকৰ্ড স্পৰ্শ কৰিবলৈ কোহলীয়ে মাত্ৰ ১১ ৰান দূৰৈত আছিল। বুধবাৰে কোহলীয়ে অনায়াসে এই ৰান সংগ্ৰহ কৰে।
এতিয়ালৈকে কোহলীয়ে বিদেশৰ মাটিত এদিনীয়া ক্ৰিকেটত ১০৮ খন খেলত ৫১০৫ ৰান সংগ্ৰহেৰে এক অনন্য আৰু অভিনৱ দৃষ্টান্ত তুলি ধৰিছে। ইফালে বিদেশৰ মাটিত এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে ভাৰতীয় ক্ৰিকেটৰ যুগদ্ৰষ্টা মহেন্দ্ৰ সিং ধোনী। ধোনীয়ে ১৪৫ খন খেলত ৪৫২০ ৰান সংগ্ৰহ কৰিছিল। ৰাহুল দ্ৰাবিড় আছে চতুৰ্থ স্থানত।