ভাৰত আৰু শ্ৰীলংকাৰ মাজত প্ৰথমখন টেষ্ট মেচৰ প্ৰথম ইনিংছত ৪৫ ৰাণ কৰি বিৰাট কোহলী আউট হব লগা হয়৷ ভাৰতীয় অনুৰাগীসকলে বিৰাট কোহলীৰ ঐতিহাসিক ১০০ তম টেষ্ট মেচত চেঞ্চুৰী আশা কৰিছিল যদিও সেই আশা পূৰণ নহ’ল৷ কোহলীয়ে পাঁচটা চাৰিৰে ৭৬ টা বলত ৪৫ ৰাণ কৰে৷
আজিৰ খেলখনত শতক ৰাণ কৰিব নোৱাৰিলেও তেওঁ জীৱনৰ আন এটা লক্ষ্য পূৰ হয়। ম’হালি খেলপথাৰত ১০০ তম টেষ্ট মেচখনত কোহলিয়ে তেওঁৰ ব্যক্তিগত ৮০০০ ৰাণ অতিক্ৰম কৰে৷
বিৰাট কোহলীৰ ১০০ সংখ্যক টেষ্ট মেচত এই খেল আৰম্ভ হোৱাৰ পূৰ্বে বিৰাট কোহলীক প্ৰশংসা কৰিছে বিচিচিআই-এ৷