ভাৰতীয় উইকেটৰক্ষক ঋষভ পন্তে টেষ্ট ক্ৰিকেটত নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। ভাৰতীয় বেটছমেনসকলৰ ভিতৰত টেষ্ট ক্ৰিকেটত আটাইতকৈ দ্ৰুততম অৰ্ধশতক অৰ্জন কৰি এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয় ক্ৰিকেটাৰগৰাকী। ইয়াৰ লগে লগে কপিল দেৱৰ ৪০বছৰ পুৰণি অভিলেখো ভংগ কৰে পন্তে। বাংগালুৰুত শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত দ্বিতীয় ইনিংছত পন্তে মাত্ৰ ২৮ টা বলত অৰ্ধশতক অৰ্জন কৰে। ইয়াৰ পূৰ্বে, টেষ্ট ক্ৰিকেটত দ্ৰুততম অৰ্ধশতক অৰ্জনৰ কৃতিত্ব কেবল কপিল দেৱৰ হাততে আছিল। কপিল দেৱে ১৯৮২ চনত কৰাচীত পাকিস্তানৰ বিৰুদ্ধে ৩০ টা বলত অৰ্ধশতক অৰ্জন কৰি গঢ়িছিল অভিলেখ। বিগত ৪০ বছৰ ধৰি অক্ষত এই অভিলেখ ভংগ কৰিলে ঋষভ পন্তে।
ভাৰতীয়সকলৰ ভিতৰত তালিকাৰ তৃতীয় স্থানত আছে শাৰ্দুল ঠাকুৰ। বিগত বৰ্ষত অ’ভেলত ইংলেণ্ডৰ বিৰুদ্ধে ৩১ টা বলত অৰ্ধশতক অৰ্জন কৰিছিল ঠাকুৰে। বীৰেন্দ্ৰ ছেহৱাগে চেন্নাইত ইংলেণ্ডৰ বিৰুদ্ধে ৩২ টা বলত একেই কৃতিত্ব অৰ্জন কৰিছিল। ইফালে টেষ্ট উইকেটৰক্ষক হিচাপে বিশ্ব অভিলেখ গঢ়িছে পন্তে। ইয়াৰ পূৰ্বে, এই অভিলেখ অষ্ট্ৰেলিয়াৰ ইয়ান স্মিথ আৰু ভাৰতৰ মহেন্দ্ৰ সিং ধোনীয়ে লাভ কৰিছিল। তেওঁলোক দুয়োজনে ৩৪ টা বলত অৰ্ধশতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। সামগ্ৰিকভাৱে, টেষ্টত দ্ৰুততম অৰ্ধ-শতকৰ তালিকাৰ নৱম স্থানত আছে ঋষভ পন্ত।