ভাৰতৰ ১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপ জয়ী দলৰ অধিনায়ক যশ ধুল (Yash Dhull)ৰ ৰঞ্জি ট্ৰফীত চমকপ্ৰদ প্ৰদৰ্শন অব্যাহত আছে। কেৰিয়াৰৰ প্ৰথম মেচৰ দুয়োটা ইনিংছতে যশ ধুলে শতৰান অৰ্জন কৰা দিল্লীৰ প্ৰথম তথা অভাৰঅল তৃতীয়গৰাকী বেটছমেন হিচাপে পৰিগণিত হ’ল।
দিল্লীৰ এই যুৱ বেটছমেনগৰাকীয়ে গুৱাহাটীত অনুষ্ঠিত ৰঞ্জি ট্ৰফীৰ মেচৰ চতুৰ্থ দিনা তামিলনাডুৰ বিৰুদ্ধে দ্বিতীয় ইনিংছত ১১৩ ৰান সংগ্ৰহ কৰে। প্ৰথম ইনিংছত ১১৩ ৰান সংগ্ৰহ কৰে ধুলে দ্বিতীয় ইনিংছত ২০২ বলত ১৪টা চাৰি আৰু এটা ছয় কোবায়। এই মেচখন ড্ৰ’হয়।
১৯ বছৰীয়া যশ ধুলে নিজৰ কেৰিয়াৰ মিডিল অর্ডাৰ বেটছমেন হিচাপে আৰম্ভ কৰিছিল।