এয়াৰটেল পেমেণ্ট বেংকে আজি ইণ্ডুচইণ্ড বেংক (IndusInd Bank)ৰ সৈতে অংশীদাৰী ত্বৰান্বিত কৰি ফিক্সড ডিপজিট (এফডি) সুবিধা মুকলি কৰাৰ কথা ঘোষণা কৰিছে। ইয়াৰ সৈতে এয়াৰটেল পেমেণ্ট বেংকৰ ডিজিটেল বেংকিং পৰ্টফলিঅ’ অধিক শক্তিশালী হৈ পৰিছে। গ্ৰাহকসকলে এতিয়া এয়াৰটেল থ্যাংকছ এপ’ৰে এক ছিমলেছ ডিজিটেল জার্নিৰ সৈতে মিনিটৰ ভিতৰত ৫০০ টকাৰ পৰা ১,৯০,০০০ টকালৈকে ফিক্সড ডিপজিট বুক কৰিব পাৰিব।
এই অংশীদাৰিত্বৰ সৈতে, এয়াৰটেল পেমেণ্ট বেংকৰ চেভিং একাউণ্ট গ্ৰাহকে ইয়াৰ সূতৰ হাৰ পাব প্ৰতি বছৰে ৬.৫% লৈকে আৰু জ্যেষ্ঠ নাগৰিকে সকলো ফিক্স ডিপজিতৰ ওপৰত অতিৰিক্ত ০.৫% লাভ কৰিব। গ্ৰাহকসকলে ১,২ বা ৩ বছৰৰ এক নিৰ্দিষ্ট ম্যাদৰ বাবে একাধিক এফডি বুক কৰিব পাৰে। গ্ৰাহকসকলে এফডি ম্যাদপূৰ্তিৰ তাৰিখৰ পূৰ্বে এয়াৰটেল থ্যাংকছ এপ’ৰ জৰিয়তে ভঙোৱাব পৰিব আৰু ইয়াৰ বাবে কোনো পেনাল্টি বা প্ৰচেছিং মাচুল আদায় কৰা নহ’ব। বিনিয়োগ কৰা পৰিমাণটো লিংক কৰা একাউণ্টলৈ মিনিটৰ ভিতৰত ঘূৰাই দিয়া হ’ব।
এয়াৰটেল পেমেণ্ট বেংকৰ মুখ্য সঞ্চালন বিষয়া গণেশ অনন্তনাৰায়ণনে (Ganesh Ananthanarayanan) কয়, ‘ আমাৰ গ্ৰাহকসকলক ফিক্সড ডিপজিট সুবিধা আগবঢ়োৱাৰ বাবে ইণ্ডুচইণ্ড বেংকৰ সৈতে অংশীদাৰী ত্বৰান্বিত কৰি আমি আনন্দিত। সুৰক্ষিত আৰু বিপদাশংকা-মুক্ত বিচৰা গ্ৰাহকসকলৰ বাবে ফিক্সড ডিপজিট হৈছে এক উৎকৃষ্ট বিকল্প বিনিয়োগৰ বিকল্প।’
ইণ্ডুচইণ্ড বেংকৰ ডিজিটেল বেংকিং আৰু ৰণনীতিৰ মুৰব্বী চাৰু মাথুৰ (Charu Mathur)ৰে কয়- ‘ গ্ৰাহকৰ সৈতে মূল বিষয়ৰ ওপৰত বাৰ্তালাপৰ বাবে ইণ্ডুচইণ্ড বেংকে নিৰন্তৰভাৱে প্ৰযুক্তিগত ক্ষমতাৰ ওপৰত গুৰুত্ব দি আহিছে। ইয়াৰ মাজতে গ্ৰাহকক এয়াৰটেল পেমেণ্ট বেংকৰ সৈতে অংশীদাৰী ত্বৰান্বিত কৰি আনন্দিত আৰু ‘এয়াৰটেল থ্যাংকছ’ ম’বাইল এপ্লিকেচনৰ জৰিয়তে গ্ৰাহকক সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে ফিক্সড ডিপজিটৰ সুবিধা প্ৰদান কৰা হ’ব। আমি বিশ্বাস কৰোঁ, এই প্ৰস্তাৱটোৱে সমগ্ৰ দেশৰ গ্ৰাহকসকলৰ মাজত যথেষ্ট সঁহাৰি পাব আৰু তেওঁলোকক তেওঁলোকৰ বিনিয়োগৰ প্ৰয়োজনীয়তাৰ এক বিস্তৃত সমাধান প্ৰদান কৰিব।’