ভাৰতী এয়াৰটেল (এয়াৰটেল)-এ অলপতে বাংগালুৰুস্থিত বছ (BOSCH) অটোমোটিভ ইলেক্ট্ৰনিকছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড (আৰবিএআই)-ৰ সুবিধাৰ্থে তেওঁলোকৰ চৌহদত প্ৰথম ৫জি প্ৰাইভেট নেটৱৰ্কৰ সফল পৰীক্ষণ কৰাৰ ঘোষণা কৰিছে। টেলিকম বিভাগৰ দ্বাৰা আৱণ্টন কৰা ট্ৰাইল ৫জি স্পেকট্ৰাম (ডিঅ’টি)ৰ জৰিয়তে এয়াৰটেলে অন-প্ৰিমাইচ ৫জি কেপটিভ প্ৰাইভেট নেটৱৰ্ক নিৰ্মাণ কৰিছে।
এয়াৰটেলে তেওঁলোকৰ মানদণ্ড উন্নত আৰু কাৰ্যকৰী কৰাৰ বাবে দুটা ঔদ্যোগিক গ্ৰেড ব্যৱহাৰৰ কেচ কাৰ্যকৰী কৰিছে। তেওঁলোকে এই ক্ষেত্ৰত বছত অত্যাধুনিক নিৰ্মাণ সুবিধাৰ দক্ষতা আৰু ট্ৰাইল স্পেকট্ৰাম ব্যৱহাৰ কৰিছে। দুয়োটা ৫জি প্ৰযুক্তি, যি- ম’বাইল ব্ৰডবেণ্ড আৰু অতি নিৰ্ভৰযোগ্য ল’ লেটেন্সি যোগাযোগ চালিত আৰু স্বয়ংক্ৰিয় কাৰ্যকলাপৰ, যিয়ে দ্ৰুত স্কেল আপ আৰু ডাউনটাইম হ্ৰাস কৰাত নিশ্চিয়তা প্ৰদান কৰিছে।
এয়াৰটেলৰ সৈতে ৫জি কেপটিভ প্ৰাইভেট নেটৱৰ্ক, বছ মেনুফেকচাৰিং এক্সিকিউচন চিষ্টেমত Automatic Optical Inspection (AOI)ৰ জৰিয়তে চুৰফেচ মাউন্টেড ডিভাইছসমূহৰ গুণগত মানদণ্ড জোখাৰ সময় যথেষ্ট হ্ৰাস কৰিবলৈ সক্ষম হৈছে। বছ মেনুফেকচাৰিং এক্সিকিউচনত অতি নিৰ্ভৰযোগ্য আৰু ডাটাৰ দ্ৰুত স্থানান্তৰ নিশ্চিত কৰি প্ৰক্ৰিয়াটো কাৰ্যকৰী কৰা হৈছে আৰু বছ মেনুফেকচাৰিং এক্সিকিউচন চিষ্টেম (MES)ৰ দ্বাৰা বাস্তৱ-সময়ৰ সিদ্ধান্ত লোৱাৰ বাবে এআই/এমএল চাৰ্ভাৰ নেটৱৰ্ক সুৰক্ষিত কৰিছে।
এয়াৰটেল বিজনেছৰ সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া অজয় চিটকাৰাই(Ajay Chitkar) কয়, “এয়াৰটেলে ভাৰতৰ ডিজিটেলৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ পৰিৱৰ্তন আৰু উদ্যোগৰ বিকাশত সহায় কৰাৰ ক্ষেত্ৰত তেওঁলোকে গোলকীয় স্কেল লাভ কৰিব বিচাৰিছে। আমি বিশ্বাস কৰোঁ যে এয়াৰটেলৰ যিকোনো প্ৰঙ্গত ব্যক্তিগত নেটৱৰ্ক সমাধান আৰু যিকোনো আকাৰৰ উদ্যোগক নেটৱৰ্ক যোগান ধৰাৰ বাবে বিশ্বমানৰ আন্তঃগাঁথনি, অংশীদাৰীত্ব আৰু দক্ষতা আছে।”