বিশ্বৰ সৰ্ববৃহৎ অনলাইন শ্বপিং এপ এমাজনে সলনি কৰিলে মোবাইল এপ ল’গ’ ৷
মিণ্ট্ৰাৰ পিছত শেহতীয়াকৈ গ্ৰাহকৰ সমালোচনাৰ সন্মুখীন হৈছে এমাজন ৷
ব্যৱহাৰকাৰীৰ সমালোচনাৰ সন্মুখীন হৈ অৱশেষত এমাজনে সলনি কৰিলে এপ ল’গ’ ৷
ল’গ’ৰ তীৰ চিহ্নটো আৰু ওপৰৰ নীলা অংশ হিটলাৰৰ মোচৰ সৈতে সাদৃশ্য থকা বুলি সমালোচনা কৰিছিল ব্যৱহাৰকাৰীসকলে ৷
সমালোচনাৰ এসপ্তাহৰ ভিতৰতে সলনি কৰিলে ল’গ’৷
পূৰ্বেও এমাজনে শ্বপিং কাৰ্টৰ পৰা এপ ল’গ বদলি কৰি পেকেজিঙৰ সৈতে সাদৃশ্য থকা এমাজন লিখা ল’গ’ ব্যৱহাৰ কৰিছিল ৷