প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৱৰ ৰাজ্য সমূহৰ ৰাজধানী চহৰ সমূহৰ সৈতে পোনপটীয়াকৈ বিমান চলাচল কৰাৰ বাবে গ্ৰহণ কৰা আঁচনিৰ অংশহিচাপে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ সমীপৰ কোনো সুবিধাজনক স্থানত এটা পৰিবেশ অনুকূল বিমানবন্দৰ নিৰ্মাণৰ পৰিকল্পনা হাতত লোৱা হৈছিল। সেই অনুসৰি ২০১৮ চনত ইটানগৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ নিলগৰ পাপুমপাৰে জিলাৰ হোলোংগী গাঁৱত বিমানবন্দৰ নিৰ্মাণ কৰাৰ বাবে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হয়। পৰৱৰ্তী সময়ত ২০১৯ চনৰ ৯ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হোলোংগীত গ্ৰীনফিল্ড বিমানবন্দৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। এই মন্তব্য ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক সন্মুখ যোগানিৰ। ১৯ অক্টোবৰত বৰঝাৰস্থিত ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালকৰ কাৰ্যালয়ৰ ভূপেন হাজৰিকা সোঁৱৰণী সভাগৃহত অনুষ্ঠিত এক সংবাদ মেলত এই কথা সদৰি কৰে সন্মুখ যোগানিয়ে।
সংবাদ মেলত সন্মুখ যোগানিয়ে কয় বিমানবন্দৰটোৰ নিৰ্মাণ কার্য প্ৰায় সম্পূৰ্ণ হৈছে আৰু শেহতীয়া কিছু কাম বাকী আছে। সকলো ঠিকে থাকে থাকিলে অহা কেইদিনমানৰ ভিতৰতে হোলোংগী বিমানবন্দৰৰ পৰা বিমান সেৱা আৰম্ভ হব। ইতিমধ্যে কিছুদিন পূৰ্বে বিমানবন্দৰত বিমান সেৱা কোম্পানী “ইণ্ডিগ”য়ে ১৮০ খন আসনযুক্ত “এ ৩২০” শ্ৰেণীৰ বিমানৰ সফলতাৰে অৱতৰণ কার্য সম্পূৰ্ণ কৰিছে। প্ৰায় ৬৪৫ কৌটি টকা ব্যয়ৰে ৬৯৪ ,একৰ মাটিত নিৰ্মাণ কৰা বিমানবন্দৰটোৰ ৰাণৱেৰ দৈৰ্ঘ্য হৈছে ২,৩০০ মিটাৰ। তেনেদৰে যাত্ৰীৰ সুবিধাৰ বাবে উন্নত মানৰ টাৰ্মিনেল বিল্ডিং , পাৰ্কিং , বিমান নিয়ন্ত্ৰণ কক্ষ আদি নিৰ্মাণ কৰা হৈছে। বিমানবন্দৰটোৰ পৰা বিমান সেৱা আৰম্ভ হলে অৰুণাচল প্ৰদেশৰ ৰাজধানী চহৰ ইটানগৰৰ সৈতে দেশৰ আন প্ৰান্তৰ পোনপটীয়াকৈ বিমান সংযোগ আৰম্ভ হোৱাৰ লগতে বায়ু যাতায়তৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা আৰম্ভ হব। বিমানবন্দৰটোত সকলো বতৰতে যাতে সুকলমে বিমান চলাচল কৰিব পাৰে তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও জনায়।
তেনেদৰে মণিপুৰৰ ৰাজধানী চহৰ ইম্ফলত থকা বিমানবন্দৰটোক বিশ্বমানৰ কৰি তোলাৰ লক্ষৰে উন্নীতকৰণৰ বাবে গ্ৰহণ কৰা আঁচনি সন্দৰ্ভত সন্মুখ যোগানিয়ে তথ্য দাঙি ধৰে। এই সন্দৰ্ভত সন্মুখ যোগানিয়ে কয় বিগত বৰ্ষত প্ৰায় ৫০০ ,কৌটি টকা ব্যয়ৰে ইম্ফল বিমানবন্দৰৰ উন্নীতকৰণৰ আঁচনি গ্ৰহণ কৰা হৈছিল। ২০২৩ চনৰ ৩১ মাৰ্চত উন্নীতকৰণ আঁচনিৰ কাম সম্পূর্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা বিমানবন্দৰটোত নিৰ্মাণ কৰা হৈছে ছয় মহলীয়া বিমান নিয়ন্ত্ৰণ কক্ষ। সমান্তৰাল ভাবে নিৰ্মাণ কৰা হৈছে অত্যাধুনিক কাৰ্গ। যাতে দেশ বিদেশৰ যিকোনো বিমানবন্দৰলৈ সুচলভাবে বিমানৰে সা – সামগ্ৰী সৰবৰাহ কৰিব পাৰি। বৰ্তমান বিমানবন্দৰ উন্নীতকৰণৰ কাম প্ৰায় ৬৯ শতাংশ সম্পূৰ্ণ হোৱা বুলি সদৰি কৰে সন্মুখ যোগানিয়ে।