ভাৰতীয় মহাকাশ গৱেষণাৰ প্ৰতিষ্ঠানৰ পাছত এইবাৰ দেশৰ আণৱিক গৱেষণাৰ মুখ্য কেন্দ্ৰ ভাবা আণৱিক গৱেষণা কেন্দ্ৰ (BARC)ত যুৱ বিজ্ঞানী হিচাপে যােগদান কৰিছে এগৰাকী অসম সন্তানে। এই যুৱ বিজ্ঞানীগৰাকী হৈছে দৰং জিলাৰ মঙলদৈৰ মৃদুস্মিতা শৰ্মা।
উল্লেখ্য যে, জুৰিয়াৰ নাজনিন য়াছমিন আৰু তিতাবৰৰ অলকেশ কলিতাই অলপতেভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানী হিচাপে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল।