ৰঙালীৰ বতৰতে হেমকোষৰ ব্ৰেইল সংস্কৰণে গীনজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ স্বীকৃতি লাভ কৰাত ৰাজ্যত আনন্দৰ জোৱাৰ তুলিছে।
এই সন্দৰ্ভত দিল্লী বিশ্ব বিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যাপক ভাৰতেন্দু পাণ্ডে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তেওঁ কয় যে, আজি মই অসমৰ পুন্য ভূমিক হাৰ্দিক অভিনন্দন জ্ঞাপন কৰিছো। অসম সূৰ্য উদয় হোৱা ঠাই। ইয়াৰ অৰ্থ হ’ল পোহৰ দিয়া। সূৰ্য বা আন যি কোনো পোহৰ হ’ল ভৌতিক। কিন্তু শব্দৰ প্ৰকাশ বা পোহৰ কেতিয়াও নষ্ট নহয়। অসম কেৱল সূৰ্য উদয়ৰ ঠাইয়েই নহয়, ই শব্দৰ পোহৰো দিয়ে।
যি নেত্ৰহীন সমাজ আছে, যিয়ে বিদ্যাৰ পৰা বঞ্চিত আছিল তেওঁলোকক সেই পোহৰ দিয়াৰ প্ৰয়াস অসমৰ পৰাই হৈছে। সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাৰ ব্ৰেইল হেমকোষ অভিধানে গিনিজ বুকত স্থান লাভ কৰিলে। এয়া গৌৰৱৰ কথা।
হেমকোষৰ ব্ৰেইল সংস্কৰণে গিনিজ ৰেকৰ্ডত স্থান লাভ কৰাত অভিনন্দন জ্ঞাপন কৰে দিল্লী বিশ্ববিদ্যায়লৰ অধ্যাপক ভাৰ্টেন্দু পাণ্ডে। তেওঁ কয় যে গিনীজ ৱৰ্লড ৰেকৰ্ডৰ এই স্বীকৃতিয়ে হেমকোষৰ এই ব্ৰেইল সংস্কৰণক এক নতুন মাত্ৰা প্ৰদান কৰিব।