ভাৰত সঞ্চাৰ নিগম লিমিটেড চমুকৈ বিএচএনএল য়ে সলনি কৰিলে ১৯৯ টকাৰ পোষ্টপেড প্লেন ।
এতিয়াৰে পৰা আপুনি পুনৰ লাভ কৰিব এফ ইউ পি বিহীন আনলিমিটেড সেৱা ।
গ্ৰাহকৰ বাবে থকা এফ ইফ পি সেৱা নীতি বন্ধ কৰিছে বিএচএনএল য়ে ।
প্লেন ভাউচাৰ, এচ টি ভি আৰু কম্বো ভাউচাৰ সকলো ক্ষেত্ৰতে গ্ৰাহকৰ সুবিধা হোৱাকৈ উপলব্ধ হ’ব অপৰিসীম সেৱা ।
চলিত বৰ্ষৰ ১০ জানুৱাৰীৰ এই সুবিধা লাভ কৰিব বিএচএনএল ৰ গ্ৰাহকসকলে ।
এই কথা ঘোষণা কৰিছে ভাৰত সঞ্চাৰ নিগম লিমিটেড কৰ্তৃপক্ষই ।
এই প্লেনত থাকিব ২৫ জিবি ডাটা, ৭৫ জিবি পৰ্যন্ত পুনৰ ব্যৱহাৰৰ উপযোগী ডাটা,অপৰিসীম ফোনকল সেৱা আৰু প্ৰতিদিলে ১০০ টা এচ এম এচৰ সুবিধা ।