কেন্দ্ৰীয় চৰকাৰে ক’ৰোনা সংক্ৰমন ৰোধৰ বাবে নতুনকৈ দুটা ভেকচিন আৰু এটা এণ্টি ভাইৰেল দৰৱৰ ব্যৱহাৰত অনুমোদন জনাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে আজি জৰুৰীকালীনভাৱে আৰু চৰ্তসাপেক্ষে ক’ৰোনাৰ ভেকচিন কৰ্বেভেক্স (CORBEVAX) কোভোবেক্স (COVOVAX)ৰ ব্যৱহাৰত অনুমোদন জনায়। ইয়াৰ লগতে ক’ৰোনাৰ চিকিৎসাৰ বাবে এণ্টি ভাইৰেল দৰৱ ৰূপে মলনুপিৰাভিৰ (Molnupiravir)ৰ জৰুৰীকালীন চৰ্তসাপেক্ষ ব্যৱহাৰতো অনুমোদন জনায়।
উল্লেখ্য যে, সমগ্ৰ বিশ্বৰ লগতে ভাৰততো নতুনকৈ ক’ৰোনা সংক্ৰমণে আতংকৰ সৃষ্টি কৰিছে। বিশেষকৈ অমিক্ৰন ভেৰিয়েণ্টৰ সংক্ৰমণ দ্ৰুতগতিত বাঢ়িব ধৰাত শংকিত হৈ পৰিছে চৰকাৰ। অমিক্ৰনৰ সংক্ৰমণৰ লগে লগে দেশত ক’ৰোনাৰ তৃতীয় লহৰৰ আশংকাও ঘনীভূত হৈছে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডব্যই টুইটযোগে এই কথা সদৰী কৰিছে।