কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে লোকসভাত উত্থাপিত এক প্ৰশ্নৰ উত্তৰত জনাইছিল যে, বহু প্ৰত্যাক্ষিত চন্দ্ৰযান-৩ ২০২২ চনৰ আগষ্টত উৎক্ষেপণৰ বাবে স্থিৰ কৰা হৈছে। তেওঁ লগতে কয় যে, চন্দ্ৰযান-২ অভিযানৰ পৰা বিজ্ঞানীসকলে লোৱা শিক্ষা আৰু বিশেষজ্ঞসকলৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি চন্দ্ৰযান-৩ নিৰ্মাণ কৰা হৈছে। চন্দ্ৰযান-৩ ৰ উৎক্ষেপণ দীৰ্ঘদিন ধৰি গৱেষণা কৰাৰ অন্তত সিদ্ধান্ত লোৱা হৈছে।
উল্লেখ্য যে, ২০১৯ চনত লেণ্ডাৰ ৰোভাৰে চন্দ্ৰপৃষ্ঠত কোমল অৱতৰণ কৰাত ব্যৰ্থ হোৱাৰ পিছত মহাকাশ সংস্থাটোৱে তৃতীয় চন্দ্ৰ অভিযানৰ পৰিকল্পনা কৰিছিল। একে বছৰতে ইজৰাইলী বেৰেশ্বীটও চন্দ্ৰপৃষ্ঠত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। চন্দ্ৰযান-৩ অৱতৰণে ভাৰতক এনে কৰা চতুৰ্থখন দেশ আৰু চন্দ্ৰ দক্ষিণ মেৰুৰ ওচৰত কৰা প্ৰথমখন দেশ হিচাপে গঢ়ি তুলিব।