আপুনি ক্ৰেডিট বা ডেবিট কাৰ্ড ব্যৱহাৰ কৰেনে? যদি কৰে তেন্তে আপোনাৰ বাবে জানিবলগীয়া তথ্য যে, অনলাইন কাৰ্ড পৰিশোধৰ নিয়মবোৰ নতুন বছৰৰ পৰা সলনি হ’ব। এই পৰিৱৰ্তনবোৰ ডেবিট আৰু ক্ৰেডিট কাৰ্ডৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কৰা হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে (RBI) ১ জানুৱাৰী, ২০২২ তাৰিখৰ পৰা এই নিয়ম কাৰ্যকৰী কৰিবলৈ গৈ আছে।
ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে সকলো ৱেবছাইট আৰু পেমেণ্ট গেটৱেৰ দ্বাৰা সঞ্চিত গ্ৰাহকৰ ডাটা বিলোপ কৰিবলৈ কৈছে যাতে ইয়াৰ পৰিৱৰ্তে লেনদেন কৰিবলৈ এনক্ৰিপ্ট কৰা টোকেন (encrypted tokens) ব্যৱহাৰ কৰা হয়।
নতুন নিয়ম অনুসৰি, ব্যৱসায়ীসকলে তেওঁলোকৰ ৱেবছাইটত কাৰ্ডৰ তথ্য সংৰক্ষণ কৰিব নোৱাৰিব। ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে দেশৰ সকলো কোম্পানীক ১ জানুৱাৰী, ২০২২-ৰ ভিতৰত ডেবিট আৰু ক্ৰেডিট কাৰ্ড সম্পৰ্কীয় সঞ্চয় তথ্য আঁতৰাবলৈ নিৰ্দেশ দিছে। ৰিজাৰ্ভ বেংকে কাৰ্ডখন সুৰক্ষিত কৰিবলৈ এই নিয়মটো প্ৰস্তুত কৰিছে।
কিছুমান বেংকে ইতিমধ্যে তেওঁলোকৰ গ্ৰাহকসকলক নতুন নিয়মৰ বিষয়ে সতৰ্ক কৰা আৰম্ভ কৰিছে। এইচডিএফচি বেঙ্কে গ্ৰাহকসকলক জনাইছে যে “উন্নত কাৰ্ড সুৰক্ষাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ নতুন আদেশৰ সৈতে সংগতি ৰাখি মাৰ্চেণ্ট ৱেবছাইট/এপত গ্ৰাহকৰ এইচডিএফচি বেঙ্ক কাৰ্ডৰ বিৱৰণ ১ জানুৱাৰী, ২০২২-ৰ পৰা মাৰ্চেণ্টৰ দ্বাৰা বিলোপ কৰিব। প্ৰতিবাৰ পৰিশোধৰ বাবে গ্ৰাহকে কাৰ্ডৰ সম্পূৰ্ণ বিৱৰণ বা টোকেনাইজেচন ছিষ্টেম গ্রহণ কৰিব লাগিব।