মাইক্ৰ’ব্লগিং ছচিয়েল নেটৱৰ্কিং প্লেটফৰ্ম টুইটাৰ ক্ৰয় কৰিলে বিশ্বৰ আটাইতকৈ ধনী উদ্যোগপতি এলন মাস্কে। ৪৪ বিলিয়ন মাৰ্কিন ডলাৰত বিক্ৰী কৰিবলৈ সন্মতি প্ৰদান কৰিছে টুইটাৰ ব’ৰ্ডে। টুইটাৰৰ পিছত এইবাৰ এলন মাস্কে ছফ্ট ড্ৰিংকছ সংস্থা কোকা কোলা ক্ৰয় কৰিব নেকি? ইয়াকে লৈ পুনৰ আৰম্ভ হৈছে নানান জল্পনা–কল্পনা। সেই জল্পনা–কল্পনাৰ কেন্দ্ৰ এলন মাস্কৰ এটা টুইট।
Next I’m buying Coca-Cola to put the cocaine back in
— Elon Musk (@elonmusk) April 28, 2022
বৃহস্পতিবাৰে মাস্কে হঠাতে টুইট কৰি লিখিছে, ‘‘ইয়াৰ পিছত আমি কোকাকোলা কিনিবলৈ গৈ আছো। যাতে পুনৰ ইয়াত কোকেইন মিহলি কৰিব পাৰো’’ আৰু মুহূৰ্ততে ভাইৰেল হৈছে সেই টুইট। তাৰ কিছু সময়ৰ ভিতৰতে পুনৰ টুইট কৰি টুইটাৰক মজাৰ স্থান কৰি তোলাৰ আহ্বান মাস্কৰ। সেয়ে বহুতে ধাৰণা কৰিছে, কোকাকোলাত কোকেইন মিহলি কৰাৰ কথা কৈ আচলে সমগ্ৰ বিষয়টো লৈ ধেমালি কৰিছে মাস্কে।
Let’s make Twitter maximum fun!
— Elon Musk (@elonmusk) April 28, 2022
উল্লেখযোগ্য যে আমেৰিকাৰ জৰ্জিয়াত ১৮৮৬ চনত কোকাকোলাৰ যাত্ৰা আৰম্ভ হৈছিল। সেই সময়ত কোকা কোলাত কোকেইনৰ এটা ৰূপ কোকা পাতৰ ৰস ব্যৱহাৰ কৰিছিল যদিও লাহে লাহে কোকা পাতৰ ব্যৱহাৰ বন্ধ কৰা হয়। বৰ্তমান দুশখন দেশত কোকা কোলাৰ প্ৰচলন থকাৰ লগতে বিশ্বজুৰি আছে প্ৰতিষ্ঠানটোৰ প্ৰায় ৯০০ প্লাণ্ট।