ক’ভিড-১৯ সম্পৰ্কীয় সকলো ভুৱা তথ্য আঁতৰাব ফেচবুকে।
ইতিমধ্যেই ফেচবুকে আৰম্ভ কৰিছে অভিযান ।
ক’ভিড ভেকচিন সন্দৰ্ভত প্ৰচাৰিত সকলো ভুৱা তথ্যৰ এখন তালিকা প্ৰস্তুত কৰিছে কৰ্তৃপক্ষই ।
তালিকাভুক্ত সকলো ভুৱা পোষ্ট ডিলিট কৰিব ফেচবুক প্লেটফৰ্মৰ পৰা ।
ক’ভিড মহামাৰীৰ আৰম্ভনিৰ সময়ছোৱাতো বহুতো ভুল খবৰ বিয়পাইছিল একাংশই ।
বৰ্তমান ফেচবুক পোষ্ট নিৰীক্ষণৰ বাবে ফেচবুকে নিয়োগ কৰিছে কেইবাগৰাকী ব্যক্তিক।
ফেচবুকৰ মতে, ক’ভিড-১৯ এক মানৱসৃষ্ট ৰোগ বুলি বহু পোষ্টত উল্লেখ কৰা হৈছে ।
কোৱা হৈছে যে ক’ভিড মহামাৰীৰ সৈতে যুঁজিব পৰাকৈ শক্তিশালী নহয় ক’ভিড ভেকচিন ।
এনেধৰণৰ তথ্যই মানুহৰ মাজত ভুল ধাৰণাৰ সৃষ্টি কৰে,সেইবাবেই এই পদক্ষেপ গ্ৰহণ কৰিছে ফেচবুকে ।