ভাৰতে শীঘ্ৰেই চীনক অতিক্ৰম কৰি বিশ্বৰ শীৰ্ষ তেল যোগানকৰ্তা হ’ব– বুধবাৰে আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থাৰ (আইইএ) মূৰব্বী ফাতিহ বিৰোলে এইদৰে মন্তব্য কৰে। বিৰোলে লগতে কয় যে ভাৰততো সেউজীয়া হাইড্ৰজেন উৎপাদনৰ ক্ষেত্ৰত শীৰ্ষস্থান দখল কৰাৰপূৰ্ণ সম্ভাৱনা আছে। শক্তি ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰত বৰ্তমান বিশ্বৰ তৃতীয় স্থানত আছে।
উল্লেখ্য যে জনসংখ্যাৰ ক্ষেত্ৰত চীনক পিছ পেলাই ভাৰতে প্ৰথম স্থানলৈ আহিছে। এনে পৰিস্থিতিত, ভাৰতৰ ইন্ধনৰ প্ৰয়োজনীয়তা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। জি-২০ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত হোৱা বিৰোলে পিটিআইক কয় – “ভাৰতত তেলৰ চাহিদা বৃদ্ধি পাব”। মই ভাবো ভাৰতে শীঘ্ৰেই চীনক অতিক্ৰম কৰি বিশ্বব্যাপী তেলৰ চাহিদাত এক নম্বৰ দেশ হ’ব।”
তেওঁ লগতে কয়, “চীনত তেলৰ দুৰ্বল চাহিদাৰ আঁৰৰ এটা কাৰণ হ’ল গাড়ী আৰু বাছবোৰ ক্ৰমান্বয়ে বৈদ্যুতিক আন্তঃগাঁথনিৰ সৈতে খাপ খুৱাই লোৱা হৈছে। “চীনত অতি ক্ষীপ্ৰতাৰে বৈদ্যুতিক বাহন গ্ৰহণ কৰি থকা হৈছে, যাৰ ফলত তাত পেট্ৰ’ল আৰু ডিজেলৰ ব্যৱহাৰ হ্ৰাস পাইছে। তেওঁ আশা ব্যক্ত কৰে যে ভাৰতত বৈদ্যুতিক বাহন ব্যৱহাৰৰ গতিও দ্ৰুতগতিত বৃদ্ধি পাব। ইয়াৰ পূৰ্বে অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি তেওঁ কয় যে ভাৰতে সেউজ হাইড্ৰজেনৰ ক্ষেত্ৰত শীৰ্ষস্থানত থকাৰ সুযোগ আছে। “মোৰ দৃষ্টিত, ভাৰতে সেউজ হাইড্ৰজেনৰ ক্ষেত্ৰত মহাশক্তি হোৱাৰ ঐতিহাসিক সুযোগ হেৰুৱাব নোৱাৰে। “তেওঁ নৱীকৰণযোগ্য শক্তিৰ উৎসৰ পৰা বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিত আনন্দ প্ৰকাশ কৰে।