অসম ভিত্তিক অট’মবাইল নির্মাতা কোম্পানী কুমাৰ ইঞ্জিনিয়াৰিঙে যিসকল কৃষকে ট্ৰেক্টৰ ক্ৰয় কৰাৰ সপোন দেখিছে কিন্তু আর্থিক সামর্থ কম, তেওঁলোকৰ বাবে কোম্পানীয়ে থলুৱা প্ৰযুক্তিৰে নিৰ্মিত অত্যাধুনিক আৰু উদ্ভাৱনী মূলক মিনি ট্ৰেক্টৰ ‘কুমাৰ -১৩’ মুকলি কৰিছে। একক চিলিণ্ডাৰ আৰু ডিজেল চালিত ১৩ এইচ পি পাৱাৰ হৰাইজজেণ্টেল ৮৮৮ ডি ছিৰিজ ইঞ্জিন আগবঢ়াবলৈ গৈ আছে যিটো আর্থিকভাবে সকাহৰ নিমিত্তে ডিজাইন হৈছে। আনহাতে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰস্থিত কোম্পানীৰ উৎপাদনথলীত এই নতুন ট্ৰেক্টৰ মুকলি কৰে অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক, সাহিত্যিক পাৰ্থ সাৰথি মহন্তই। এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত পাৰ্থ সাৰথি মহন্তই কয় – আমি সকলোৱে জনা মতে মিনি ট্রেক্টৰ হৈছে কৃষকৰ বাবে আটাইতকৈ সুলভ মূল্যৰ ট্ৰেক্টৰ, যাৰ দ্বাৰা কম মাটিত নিজৰ সুবিধা মতে চহ কৰি বতৰৰ সকলো ঋতুতে খেতি কৰিব পৰা যাব। ইয়াৰ আকাৰ আৰু ডিজাইনে নিশ্চিতভাৱে সকলো কৃষককে আকৰ্ষিত কৰিবলৈ সক্ষম হব আৰু গুৱাহাটীৰ ধাৰাপুৰত থলুৱা প্ৰযুক্তিৰে সুলভ মূল্যত অসমৰ কৃষকৰ বাবে এনে ধৰণৰ ট্ৰেক্টৰ নিৰ্মাণ কৰা বাবে কুমাৰ গৌৰৱ ধন্যবাদৰ পাত্ৰ বুলি পাৰ্থ সাৰথি মহন্তই সদৰি কৰে।
অনুষ্ঠানত কুমাৰ ইঞ্জিনিয়াৰিঙৰ স্বত্বাধিকাৰী কুমাৰ গৌৰৱে কয় অসমত এই ট্রেক্টৰৰ দাম হ’ব মাত্ৰ ২,২৫,৮৮৮ টকা মাত্ৰ আৰু কোম্পানীয়ে বিশ্বমানৰ এই ‘ট্রেক্টৰ কুমাৰ-১৩’ৰ বাবে এক বছৰৰ ৱাৰেণ্টি দিব। এই ট্ৰেক্টৰৰ সহায়ত কৃষকে নিজৰ মাটিত খেতি কৰাৰ উপৰিও আনৰ মাটিত হাল বাই দিয়াৰ বাবদ উপাৰ্জন কৰি কম সময়ৰ ভিতৰতে ক্ৰয় কৰা মূল্য পৰিশোধ কৰিব পাৰিব। কুমাৰ-১৩ অসমতে ১২০০ ইউনিটতকৈ অধিক বিক্ৰী কৰিবলৈ সক্ষম হ’ব। আমাক বিশ্বাস কৰি যিসকলে আমাৰ কোম্পানীত উৎপাদিত কুমাৰ মেক ই ৰিক্সা আৰু পাৱাৰ টিলাৰ কিনিছিল, তেওঁলোকৰ প্ৰতি আমি অতিশয় কৃতজ্ঞ। সেইবাবেই আমি ক্ষুদ্র আৰু মজলীয়া কৃষকৰ বাবে অতিশয় প্রয়োজনীয় অত্যন্ত উদ্ভাৱনীমূলক আৰু আর্থিক ভাবে লাভৱান মিনি ট্রেক্টৰ “কুমাৰ-১৩” নিৰ্মাণ কৰাৰ শক্তি পাইছিলো। আমি অতি নিশ্চিত যে আমাৰ ট্ৰেক্টৰ কুমাৰ-১৩ যে কৃষি খণ্ডত যান্ত্ৰিকীকৰণৰ বাবে অসমত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব, য’ত অসমৰ মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰ অসমৰ কৃষিৰ উন্নয়নৰ প্ৰতি অতিশয় আগ্রহী। এই সকলো কথা মনত ৰাখিয়েই কোম্পানীয়ে এটা প্রচেষ্টা চলাইছে আৰু আমি অতি নিশ্চিত যে কুমাৰ ১৩ যে কৃষি বশুর বাড়িকীকৰণৰ বাবে অসমত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব য’ত অসমৰ সন্মানীয় মুখ্যমন্ত্রী আৰু অসম চৰকাৰে অসম ৰাজ্যৰ কৃষি শাখাৰ উন্নয়নৰ প্ৰতি অতিশয় আগ্রহী বুলি কুমাৰ গৌৰবে ব্যক্ত কৰে। আনহাতে অনুষ্ঠানৰ অন্তত কোম্পানী চৌহদত আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্ত আৰু কুমাৰ গৌৰৱে নিজে ট্ৰেক্টৰ চলাই উপস্থিত সকলোকে আপ্লুত কৰে।