উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে গুৱাহাটীৰ বঙৰাৰ টেক চিটিত শুকুৰবাৰে ভাৰ্ছুৱেলী উদ্বোধন কৰে উত্তৰ-পূবৰ ৭ খন ৰাজ্য (অৰুণাচল প্ৰদেশৰ বাহিৰে)ৰ বাবে ৫ জি এপ্লিকেচন আৰু ৫ জি অভিজ্ঞতা কেন্দ্ৰ। এই পদক্ষেপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূব পৰিষদৰ সোণালী জয়ন্তীৰ সময়ত ব্যক্ত কৰা দৃষ্টিভংগীৰ ধাৰাবাহিকতা ৰক্ষা কৰি গ্ৰহণ কৰা হৈছে।
উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি জি কিষাণ ৰেড্ডীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত ভাৰতৰ ডিজিটেল অৰ্থনীতি দৈনন্দিন জীৱনৰ বাবে অপৰিহাৰ্য হৈ পৰিছে। অৰ্থনীতিত অনলাইন লেন-দেন তথা আন কাৰ্যকলাপ অভূতপূৰ্বভাবে দ্ৰুতগতিত বৃদ্ধি পাইছে। যি কথাই ইতিমধ্যে ভাৰতক বিশ্বৰ কিছু বৃহৎ অৰ্থনীতিতকৈ যথেষ্ট আগুৱাই নিছে। ৰেড্ডীয়ে তেওঁৰ ভাষণত কয় যে ২০২২ চনৰ ডিচেম্বৰ মাহত উত্তৰ-পূব পৰিষদৰ (এনইচি) সোণালী জয়ন্তী উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰা দৃষ্টিভংগীৰ সৈতে এই পদক্ষেপৰ সংগতি আছে, যাৰ জৰিয়তে ২০৩০ চনৰ ভিতৰত উত্তৰ-পূব অঞ্চলত (এনইআৰ) ৫জি প্ৰযুক্তি আৰু ডিজিটেল সংযোগৰ সুবিধা বৃদ্ধি কৰাৰ লগতে উন্নয়নৰ লক্ষ্য পূৰণ কৰা আৰু বহনক্ষম উন্নয়নৰ লক্ষ্য (এছডিজি) প্ৰাপ্ত কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে।
আধাৰ, ইউনাইটেড পেমেণ্টছ ইণ্টাৰফেচ (ইউপিআই) আৰু ডিজিলকাৰৰ দৰে সেৱাই ভাৰতৰ ইণ্টাৰনেট অৰ্থনীতিত সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি দিছে বুলিও তেওঁ কয়। এই দৃষ্টিভংগীৰ ওপৰত ভিত্তি কৰি উত্তৰ-পূব পৰিষদ, উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ে উত্তৰ-পূবৰ ৮ খন ৰাজ্যতে বৃহৎ পৰিমাণে ভাৰতৰ প্ৰথম ৫ জি প্ৰশিক্ষণ পৰীক্ষাগাৰ আৰু ৫ জি হেল্থ ইউজ কেছ এপ্লিকেচন আৰম্ভ কৰাৰ বাবে ১০০% পুঁজিৰ যোগান ধৰিছে, ৰেড্ডীয়ে কয়।
প্ৰকল্পটোৰ সৈতে জড়িত সকলো অংশীদাৰক প্ৰশংসা কৰি জি কিষাণ ৰেড্ডীয়ে কয় যে বিভিন্ন খণ্ডলৈ একে ধৰণৰ দৃষ্টিভংগীৰে এই পদক্ষেপটো এক পট পৰিৱৰ্তনকাৰী পদক্ষেপ হিচাপে প্ৰমাণিত হ’ব। যেতিয়া দেশৰ আন প্ৰান্তত ইয়াৰ পুনৰাবৃত্তি কৰা হ’ব, তেতিয়া ই প্ৰমাণ কৰিব যে একেলগে কাম কৰা আৰু সহযোগিতাই সৰ্বশ্ৰেষ্ঠ ফলাফল প্ৰদান কৰিব পাৰে,তেওঁ কয়।
ৰেড্ডীয়ে প্ৰকাশ কৰে যে এই প্ৰকল্পটো প্ৰায় ৭৫ দিনৰ অভিলেখ সময়ত উত্তৰ-পূবৰ ৮ খন ৰাজ্যতে সম্পূৰ্ণ কৰা হৈছে। “উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক্ট ফাৰ্ষ্ট এণ্ড ফাষ্ট” নীতিৰ অধীনত উত্তৰ-পূব পৰিষদৰ যিকোনো প্ৰকল্পৰ ক্ষেত্ৰত এয়া এক অভিলেখ। প্ৰকল্পটোত চাৰিটা মুখ্য উপাদান অন্তৰ্ভুক্ত আছে; যাৰ ভিতৰত আছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যত ৫ জি প্ৰশিক্ষণ পৰীক্ষাগাৰ আৰু ৫ জি আৰু টিএছএছচি (টেলিকম খণ্ড দক্ষতা পৰিষদ)ৰ ওপৰত ক্লাউড সমৰ্থিত এম.ও.ও.চি. (মেচিভ অপেন অনলাইন পাঠ্যক্ৰম) পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা। যিয়ে সফলতাৰে ৫ জি লেবৰ বাবে মাষ্টাৰ প্ৰশিক্ষণ প্ৰদান কৰে।এতিয়াৰে পৰা ব্যৱহাৰকাৰীসকলে এজ কম্পিউটিঙৰ শক্তি অনুভৱ কৰিব পাৰিব, য’ত অধ্যয়ন সামগ্ৰীৰ ইণ্টাৰনেট ডাউনলোডৰ গতি ৮ খন উত্তৰ-পূবৰ ৰাজ্যৰ প্ৰতিটোত স্থাপিত ৫ জি লেবত পোনপটীয়াকৈ উপলব্ধ হ’ব। এই ৫জি লেবৰ অৱস্থান ৮ খন ৰাজ্যৰ বিভিন্ন প্ৰতিষ্ঠানৰ এএমটিআৰএনৰ টেক চিটিত আছে। মন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰে যে ৫জি লেবে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলক উদ্যোগ ৪.০ত প্ৰাসংগিক দক্ষতা অৰ্জন কৰাত সহায় কৰিব আৰু উত্তৰ-পূবক বহনক্ষম উন্নয়ন২০৩০ লক্ষ্যত ইয়াৰ উপনীত হোৱাত সহায় কৰিব।
মন্ত্ৰীগৰাকীয়ে কয় যে বিভিন্ন চিকিৎসালয় আদিত নিয়োজিত স্বাস্থ্য সেৱাসমূহৰ ভিতৰত আছে ডায়েবেটিক ৰেটিনোপেথি, এআৰ/ভিআৰ আধাৰিত এনাটমী লাৰ্ণিং মডেল, আঘাতৰ ওপৰত বেক্টেৰিয়া চিনাক্তকৰণ আৰু শ্ৰেণীবদ্ধ কৰিবলৈ এআই (কৃত্ৰিম বুদ্ধিমত্তা) একত্ৰিত কৰা ইমেজিং ডিভাইচ, ষ্ট্ৰোকৰ পূৰ্বানুমান: ষ্ট্ৰোক মেনেজমেণ্টত মস্তিষ্কৰ কাৰ্য নিৰীক্ষণ, স্মাৰ্ট ফোন ব্যৱহাৰ কৰি এআই আধাৰিত ছানি বিশ্লেষণ, কাহৰ অডিঅ’মেট্ৰিক বিশ্লেষণৰ জৰিয়তে শ্বাস-প্ৰশ্বাসজনিত ৰোগ নিৰ্ধাৰণত এআই প্ৰযুক্তিৰ ব্যৱহাৰ, শব্দৰ অডিঅ’মেট্ৰিক বিশ্লেষণ আদি।
ৰেড্ডীয়ে কয় যে বেত আৰু বাঁহৰ শিল্পীসকলৰ বাবে ৫জি সমানে গুৰুত্বপূৰ্ণ আৰু নতুন দিল্লীৰ পৰিকল্পনা আৰু স্থাপত্য বিদ্যালয়ৰ সহযোগত ইয়াক এক নতুন মাত্ৰা দিয়া হ’ব। গুৱাহাটীৰ ৫ জি অভিজ্ঞতা কেন্দ্ৰই অভিজ্ঞতা কেন্দ্ৰত ব্যক্তিগত ৫ জি নেটৱৰ্ক সক্ষম কৰি তুলিব বুলিও তেওঁ কয়।
উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয় ৰাজ্যিক মন্ত্ৰী বি.এল. বাৰ্মাই তেওঁৰ ভাষণত গুৱাহাটীৰ এ.এম.পি.টি.আৰ.এন.-ত কেন্দ্ৰৰ সৈতে এন.ই.আৰ.-ত ৫ জি এপ্লিকেচন মুকলি কৰাত আনন্দ প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী আৰু গতিশীল নেতৃত্বত ভাৰতে অমৃতকালৰ অধীনত সুন্দৰ ভৱিষ্যতৰ দিশে আগবাঢ়িছে। তেওঁ কয়-“আমাৰ উদ্দেশ্য হৈছে চিকিৎসা আৰু তথ্য প্ৰযুক্তি উদ্যোগৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা, আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগী আৰু মেক ইন ইণ্ডিয়া, মেক ফৰ দা ৱৰ্ল্ডৰ দৃষ্টিভংগীৰ সৈতে একেলগে সংগতি ৰাখিআগুৱাই যোৱা। “
তেওঁ সকলোকে একেলগে ৫জি প্ৰযুক্তিৰে ভৱিষ্যত গঢ়ি তোলাৰ বাবে আহ্বান জনায় আৰু ডিজিটেল যুগত প্ৰগতিৰ বাবে আমাৰ অষ্টলক্ষ্মী ৰাজ্যসমূহক ট্ৰেণ্ডছেটাৰ হিচাপে বিকশিত কৰিবলৈ আহ্বান জনায়।
প্ৰকল্পটোৰ উদ্দেশ্য সম্পৰ্কে বিৱৰণ দি এমট্ৰ’নৰ অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে প্ৰকল্পটোৰ অধীনত উত্তৰ-পূবৰ ৮খন ৰাজ্যৰ প্ৰতিখনত এটা কৈ ৫জি প্ৰশিক্ষণ পৰীক্ষাগাৰ আৰম্ভ কৰা হৈছে। এই সেৱাই বিভিন্ন স্বাস্থ্য সম্পৰ্কীয় সমস্যা সমাধানত সহায় কৰিব বুলি তেওঁ কয়।
উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ সচিব চঞ্চল কুমাৰে তেওঁৰ ভাষণত কয় যে ৫জিয়ে কেৱল ডিজিটেল বিপ্লৱৰ সৃষ্টি কৰাই নহয়, লগতে কামৰ ক্ষেত্ৰ খনক প্ৰভাৱান্বিত কৰি উৎপাদনশীলতা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।
উত্তৰ-পূব পৰিষদৰ সচিব কে. মোজেছ চালাইয়ে অনুষ্ঠানত উপস্থিত লোকসকলক আদৰণি জনোৱাৰ সময়ত এনইচিৰ পুঁজিৰ ৫ জি এপ্লিকেশ্বনৰ বিষয়ে অৱগত কৰে। উল্লেখ্য এই প্ৰকল্পটো এমট্ৰ‘নৰ দ্বাৰা বিভিন্ন চৰকাৰী সংস্থা যেনে উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়, দূৰসংযোগ বিভাগ, টেলিকম খণ্ডৰ দক্ষতা পৰিষদ, পৰিকল্পনা আৰু স্থাপত্য বিদ্যালয়, নতুন দিল্লী; বৰ্ধমান মহাবীৰ চিকিৎসা মহাবিদ্যালয় আৰু চফদৰজং চিকিৎসালয়, নতুন দিল্লী; ডিজাইন উদ্ভাৱন কেন্দ্ৰ, ইউআইইটি, পাঞ্জাব বিশ্ববিদ্যালয় আৰু আলিমকোৰ সহযোগত সম্পাদন কৰা হৈছে।
গুৱাহাটীত উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ে ১৪.৯৬ কোটি টকাৰ পুজিৰ ব্যয়েৰে এমট্ৰ‘নত উত্তৰ-পূব অঞ্চলৰ বাবে ৫ জি এপ্লিকেশ্বনৰ প্ৰকল্প স্থাপন কৰিছে। এই ৫ জি লেব স্থানীয় মানৱ সম্পদৰ বিকাশত সহায়ক হ‘ব৷