অসমৰ এহাল উদ্ভাৱক দম্পতি আৰু এজন অভিযন্তাৰ এক চমকপ্ৰদ উদ্ভাৱনে খলকনি লগাইছে আই আই টি গুৱাহাটীত। বাইক আৰু কাৰৰ অসুবিধা আঁতৰাই এক সুন্দৰ আৰ্হিৰে সাজি উলিয়াছে এখন কাৰ। ৰিভাৰ্চ চাইক্লিং কৌশল আৰু বাঁহৰ ফাইবাৰেৰে সাজি উলিয়াইছে G11 নামৰ কাৰখন। আই আই টি গুৱাহাটীৰ ষ্টাৰ্টআপ প্ৰদশনীত এই তিনি চকীয়া সুন্দৰ বাহনখনে দৃষ্টি কাঢ়িছে সকলোৰে। উজ্জাম ইভি মবিলিটি, জাইশ্লুং দৈমাৰী আৰু ৰুটু চাংমাইয়ে বাইক আৰু কাৰৰ ওপৰত পৰীক্ষা চলাই সাজিছে এই নতুন আৰ্হিৰ কাৰ। চালকসহ দুজন বহিব পৰা G11 বাহনে দূৰ কৰিব পথৰ যানজঁটৰ সমস্যাৰ লগতে ইন্ধনৰ খৰছো।
ইনফুলুঠিয়াম বেটাৰীৰে চলা এই সুন্দৰ নেনো গাড়ীখন দেখি অভিভূত আই আই টি সঞ্চালক টি জি সীতাৰাম আৰু কেন্দ্ৰীয় মন্ত্ৰী সুব্ৰমনিয়াম জয় শংকৰ। গাড়ীখন দেখি অভিভূত হৈ গাড়ীত বহি ষ্টিয়েৰিঙত হাত বোলাৱাৰ লোভ সামৰিব নোৱাৰিলে মন্ত্ৰী জয় শংকৰে। গাড়ীত বহিল সঞ্চালক টি জি সীতাৰামো। প্ৰায় পাঁচ লাখ খৰচ হোৱা গাঁড়ীখন বজাৰলৈ তিনি লাখৰ ভিতৰত উলিয়াই দিব বুলি ক’লে উদ্ভাৱক জাইশ্লুং দৈমাৰীয়ে।
অসমৰ উদ্ভাৱক বিজ্ঞানীদ্বয়ৰ উদ্ভাৱনী শক্তিৰে আকাশ চোৱাৰ সপোন সাৰ্থক হোৱাৰ পথত আৰু শীঘ্ৰে বজাৰত মুকলি কৰিব।