নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ ২৯সংখ্যক বাৰ্ষিক সাধাৰণ সভাখন গুৱাহাটীৰ NRL কৰ্প’ৰেট কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়৷ NRLৰ অধ্যক্ষ তথা¸ অইলৰ চি এম ডি ড॰ আৰ ৰথৰ সভাপতিত্বত অনুষ্ঠিত সভাত এন আৰ এলৰ এম ডি বি জে ফুকন, এন আৰ এল ব’ৰ্ডৰ অন্যান্য সদস্য আৰু কোম্পানীটোৰ শ্বেয়াৰ হোল্ডাৰসকল উপস্থিত থাকে৷ কোম্পানীয়ে ২০২১-২২ বিত্তীয় বৰ্ষৰ ভিতৰত ১৫০ শতাংশ লভ্যাংশ ঘোষণা কৰিছে। এই লভ্যাংশ কোম্পানীয়ে বছৰটোৰ ভিতৰত ইতিমধ্যে অন্তৰ্ৱৰ্তীকালীন লভ্যাংশ হিচাপে প্ৰদান কৰিছে৷ কোম্পানীয়ে ২০২১-২২ বিত্তীয় বৰ্ষটো সফলতাৰে সম্পন্ন কৰে৷
প্ৰত্যাহ্বান আৰু অনি(য়তা সত্ত্বেও স্থিতিস্থাপকতা, গ্ৰহণযোগ্যতা, শক্তিশালী ব্যৱস্থা আৰু পদ্ধতিসমূহৰ বলত এই সফলতা সম্ভৱ হয়৷ কোম্পানীটোৰ শ্বেয়াৰ হোল্ডাৰসকলক সম্বোধন কৰি অধ্যক্ষ ড॰ আৰ ৰথে কয়, ‘এন আৰ এলে ৰূপায়ণ কৰি থকা ডাঙৰ ডাঙৰ প্ৰকল্পসমূহ সম্পন্ন কৰাৰ ক্ষেত্ৰত দৃঢ়প্ৰতিজ্ঞ৷
এই প্ৰকল্পসমূহৰ ভিতৰত নুমলীগড় শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্প, পাৰাদ্বীপ-নুমলীগড় খাৰুৱা তেল পাইপলাইন আৰু পাৰাদ্বীপত খাৰুৱা তেল আমদানি টাৰ্মিনেল, ২জি ইথানল প্ৰকল্প আৰু ভাৰত-বাংলাদেশ বন্ধুত্ব পাইপলাইন প্ৰমুখ৷’ তেওঁ লগতে কয় যে কোম্পানীটোৱে অহা ৫ বছৰত ৩৫,০০০ কোটি টকাতকৈ অধিক বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে৷ এই প্ৰকল্পসমূহৰ সফল ৰূপায়ণে দীৰ্ঘম্যাদী ব্যাৱসায়িক বৃদ্ধি সক্ষম কৰাৰ লগতে ৰাজহ আৰু লাভৰ দিশতো অগ্ৰগতি লাভ কৰিব৷ সেয়েহে অতিৰিক্ত সময় আৰু ব্যয় নোহোৱাকৈ এই প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাটো কোম্পানীটোৰ মূল কেন্দ্ৰবিন্দু হৈ পৰিছে৷
উল্লেখযোগ্য যে বিত্তীয় বৰ্ষ ২০২১ সময়ছোৱাত নুমলীগড় ৰিফাইনেৰীয়ে ২৩ টি এম টি আমদানি কৰা খাৰুৱা তেল অন্তৰ্ভুক্তিৰে ২,৬২৪ টি এম টিৰ থ্ৰুপুট লাভ কৰিছে৷ শোধনাগাৰে প্ৰথম বছৰতে ১,১২২ কে এল ইথানল মিশ্ৰণেৰে নিজৰ শিলিগুৰি আৰু নুমলীগড় মাৰ্কেটিং টাৰ্মিনেলত মটৰ স্পিৰিট [পেট্ৰল]ত ১০ শতাংশ ইথানলৰ মিশ্ৰণ কৰিবলৈ সক্ষম হয়৷ ই চলিত বিত্তীয় বৰ্ষত আৰু অধিক গতি লাভ কৰিছে৷
কোম্পানীটোৱে এই বিত্তীয় বৰ্ষত বিগত বৰ্ষৰ ১৮,৫৪৮ কোটি টকাৰ বিপৰীতে ৪.৯৫ শতাংশ অধিক ২৩,৫৪৬ কোটি টকাৰ সৰ্বাধিক বিক্ৰীৰ লেনদেন [টাৰ্ন অ’ভাৰ] কৰিবলৈ সক্ষম হৈছে, যি মূলতঃ সামগ্ৰীৰ দাম বৃদ্ধিৰ বাবে হয়৷ কোম্পানীটোৰ নেট ৱৰ্থ ৩১ মাৰ্চ, ২০২২ তাৰিখলৈকে বিগত বৰ্ষত ৫,৫৯৬ কোটি টকাৰ তুলনাত ৮,৩৮৮ কোটি টকালৈ বৃদ্ধি পাইছে৷ কোম্পানীটোৱে কৰ, শুল্ক আৰু লভ্যাংশৰ ৰূপত ৫,৮০৯ কোটি টকাৰ বৰঙনি চৰকাৰী ৰাজকোষলৈ আগবঢ়াইছে৷