• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

জুলাইৰ পৰা একক ব্যৱহাৰযোগ্য প্লাষ্টিক ব্যৱহাৰত নিষিধেজ্ঞা!

নিউজ ডেস্ক by নিউজ ডেস্ক
June 30, 2022
in প্ৰযুক্তি, ক্ৰাইম, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
জুলাইৰ পৰা একক ব্যৱহাৰযোগ্য প্লাষ্টিক ব্যৱহাৰত নিষিধেজ্ঞা!
Share on FacebookShare on Twitter

জুলাইৰ পৰা দেশত বন্ধ হ’ব একক ব্যৱহাৰ প্লাষ্টিক। আনহাতে দেশৰ ৰাজধানী দিল্লীত ১ জুলাইৰ পৰা এছ ইউ পি অৰ্থাৎ একক ব্যৱহাৰ প্লাষ্টিকৰে সজ্জিত মুঠ ১৯ বিধ সামগ্ৰীৰ ওপৰত নিষিধেজ্ঞা আৰোপ কৰা হৈছে। উল্লেখ্যে যে ভাৰতে বৰ্তমান যিসমূহ পৰিৱেশ বিষয়ক সমস্যাৰ সন্মুখীন হৈছে তাৰ ভিতৰত প্লাষ্টিকৰ বাবে সৃষ্টি হোৱা সমস্যাও অন্যতম।

দিল্লী চৰকাৰৰ পৰিৱেশ বিভাগ এইবাৰ অতি কঠোৰ হোৱা দেখা গৈছে। বিভাগটোৱে প্লাষ্টিক নিষেধাজ্ঞাৰ নিয়ম পালন নকৰা নিৰ্মাতা, যোগানকৰ্তা, বিতৰক আৰু ৰিটেইলাৰৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে। ইয়াৰ বাবে সংশ্লিষ্ট সকলো পক্ষক কঠোৰ নিৰ্দেশনা দিয়া হৈছে।

নিষিদ্ধ প্লাষ্টিকৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে ক্ৰমে, প্লাষ্টিকৰ ষ্টিকৰ সৈতে ইয়াৰবাড, বেলুনৰ বাবে প্লাষ্টিকৰ ষ্টিক, প্লাষ্টিকৰ পতাকা, কেণ্ডি ষ্টিক, আইচক্ৰীম ষ্টিক, থাৰ্মকল, ফৰ্ক, চামুচ, চুৰি, ট্ৰে, মিঠাইৰ বাকচ, নিমন্ত্ৰণী পত্ৰ আৰু চিগাৰেটৰ পেকেটৰ প্লাষ্টিক। ইয়াৰ উপৰিও ১০০ মাইক্ৰ’নতকৈ কম ৰেকাৰৰ বেনাৰৰ চাৰিওফালে ফিল্ম মেৰিয়াই দিয়া বা পেকিং কৰা আদিৰ দৰে কামত ব্যৱহাৰ হোৱা থাৰ্মোকলোটো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

মন কৰিবলগীয়া যে, ২০১৯ ত অনুষ্ঠিত চতুৰ্থ ৰাষ্ট্ৰসংঘৰ পৰিৱেশ সভাত, ভাৰতে একক ব্যৱহাৰৰ প্লাষ্টিক সামগ্ৰীৰ প্ৰদূষণ সমাধানৰ ওপৰত এক প্ৰস্তাৱ দাখিল কৰিছিল। সেই প্ৰস্তাৱৰ ওপৰত ভিত্তি কৰিয়েই ১ জুলাইৰ পৰা দেশত একক ব্যৱহাৰ প্লাষ্টিক ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াৰ বাবে কেঁচা মালৰ যোগান হ্ৰাস কৰা, প্লাষ্টিকৰ চাহিদা হ্ৰাস কৰা, একক ব্যৱহাৰ প্লাষ্টিকৰ বিকল্পৰ প্ৰচাৰ কৰা, নিৰীক্ষণ আৰু সজাগতাৰ বাবে ডিজিটেল হস্তক্ষেপ কৰাৰ লগতে এই নিৰ্দেশনাসমূহ কাৰ্যকৰী কৰণৰ বাবে ৰাজ্যিক বোৰ্ডসমূহক নিৰ্দেশনা দিয়া হৈছে।

উল্লেখ্য যে, ভাৰতে বছৰি প্ৰায় ৩.৫ নিযুত টন প্লাষ্টিক আৱৰ্জনা উৎপাদন কৰি আছে আৰু যোৱা ৫ বছৰত ই প্ৰায় দুগুণ হৈছে। এনে পৰিস্থিতিত ভাৰত চৰকাৰে একক ব্যৱহাৰ প্লাষ্টিকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি ভয়াৱহ এই সমস্যাই আৰু অধিক জটিল ৰূপ লোৱাৰ পূৰ্বেই নিয়ন্ত্ৰণ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে।

Previous Post

কেৱল খেল, নকৰিব প্ৰেমঃ ফিফা বিশ্বকাপত অবিবাহিতই কৰিব নোৱাৰিব প্ৰেম!

Next Post

ছোনিয়া গান্ধীৰ সহায়কৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ!

Related Posts

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত
ৰাজনীতি

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত

June 10, 2023
কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী
ৰাষ্ট্ৰীয়

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী

June 10, 2023
Doordarshan Dialogue on the theme of “Resurgent North East” begins in Guwahati
উত্তৰ পূৰ্বাঞ্চল

Doordarshan Dialogue on the theme of “Resurgent North East” begins in Guwahati

June 10, 2023
সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত
সংবাদ

সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত

June 10, 2023
নামভৰ্তিকৰণ! অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা
News

নামভৰ্তিকৰণ! অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা

June 10, 2023
গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ
ক্ৰাইম

গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ

June 10, 2023
Next Post
ছোনিয়া গান্ধীৰ সহায়কৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ!

ছোনিয়া গান্ধীৰ সহায়কৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ!

বন্যাৰ্তলৈ সহায়ৰ হাত আদানী ফাউণ্ডেচনৰ

বন্যাৰ্তলৈ সহায়ৰ হাত আদানী ফাউণ্ডেচনৰ

মহানগৰীৰ ICICI একাডেমি ফৰ স্কিলচত পথ-সুৰক্ষা বিষয়ক পাঠদান পৰিবহণ বিভাগৰ

মহানগৰীৰ ICICI একাডেমি ফৰ স্কিলচত পথ-সুৰক্ষা বিষয়ক পাঠদান পৰিবহণ বিভাগৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8