আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ আন এক বৃহৎ সফলতা ৷
প্ৰায় ৭ মাহৰ অন্তত মঙলগ্ৰহত সফলতাৰে অৱতৰণ কৰিলে মহাকাশযান ‘ৰ’ভাৰ’ ৷
জীৱৰ সন্ধান কৰিবলৈ প্ৰথম বাৰৰ বাবে মহাকাশলৈ প্ৰেৰণ কৰা হৈছে এই অত্যাধুনিক ৰবট ৷
বৃহস্পতিবাৰে ভাৰতীয় সময় অনুসৰি নিশা ২বাজি ২৫ মিনিটত মহাকাশত সফলতাৰে অৱতৰণ কৰে মহাকাশযান ‘ৰ’ভাৰ’ ৷
মঙলগ্ৰহত জীৱাশ্মৰ নমুনা সংগ্ৰহৰ বাবে প্ৰেৰণ কৰা হৈছে মহাকাশযানখন ৷
এই মহাকাশ অভিযানৰ নেতৃত্বত আছিল ভাৰতীয় মূলৰ বিজ্ঞানী স্বাতী মোহন ৷
ইয়াৰ আগতেও নাছাৰ বহুকেইটা সফল অভিযানৰ অংশ আছিল স্বাতী মোহন ৷
মহাকাশত ‘ৰ’ভাৰ’ৰ সফল অৱতৰণে মহাকাশ বিজ্ঞানৰ সৈতে জড়িত বিভিন্ন কথা জানিব পৰা যাব বুলি আশা প্ৰকাশ কৰিছে বিজ্ঞানীসকলে ৷
৬ চকাযুক্ত ৰ’ভাৰে মঙলগ্ৰহত জীৱৰ অৱস্থিতিৰ বিষয়ে সন্ধান কৰিব ৷
ৰ’ভাৰত ২৩টা কেমেৰা সংলগ্ন কৰা হৈছে যিয়ে গ্ৰহটোৰ ভিডিঅ’ ৰেকৰ্ড কৰিব আৰু শব্দ ৰেকৰ্ড কৰিবলৈ সংলগ্ন কৰিছে ২টা মাইক্ৰ’ফোন ৷
অৱতৰণৰ সময়ত ৰ’ভাৰৰ তাপমাত্ৰা আছিল ১৩০০ ডিগ্ৰী ছেণ্টিগ্ৰেড ৷
মঙল গ্ৰহৰ জেজেৰো ক্ৰেটাৰত অৱতৰণ কৰিছে মহাকাশযানখনে ৷
জেজেৰো ক্ৰেটাৰ এক টাটচডাউন জ’ন য’ত উপগ্ৰহীয় চিত্ৰৰ সকলো নিৰ্দেশনা বহন কৰে আৰু বিশাল হ্ৰদেৰে আৱৰা এই স্থানত জীৱবিজ্ঞানৰ উমান পোৱা যাৱ বুলিও আশা কৰিছে বিজ্ঞানীসকলে ৷
photo: google